/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8cfca216-75f1-4782-aa84-8d0a3ab2562b/df058c6b-bde0-4c5a-9de5-1fba5e7fb2a8.jpg)
ডিজিটেল ডেস্কঃ উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশত ক্ষুব্ধ খোদ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী। শেহতীয়াকৈ ৰাজ্যৰ মহাবিদ্যালয়সমূহত অধ্যাপক, গ্ৰন্থাগাৰিক, সহায়ক তথা চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত আবেদনৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (PRC) নালাগে বুলি জাননী জাৰি কৰিছিল উচ্চ শিক্ষা সঞ্চালকালয়ে। তাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
যোৱা ৪ জুনতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা সুমিত্ৰা দেৱে PRC বাতিলৰ এই বিতৰ্কিত নিৰ্দেশনা জাৰি কৰিছিল। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে এতিয়া এই নিৰ্দেশক লৈ ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কয় যে, সঞ্চালকালয়ে এনে নিৰ্দেশ প্ৰদান কৰিব নোৱাৰে। এনে নিৰ্দেশনা কেৱল চৰকাৰেহে প্ৰদান কৰিব পাৰে। এই বিষয়টোৰ ওপৰত শিক্ষামন্ত্ৰীয়ে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াৰ পিছতে শিক্ষামন্ত্ৰীয়ে এক্স যোগে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ কথা সদৰি কৰে। কি কৰ্তৃত্বত মুখ্য সঞ্চালকে এই নিৰ্দেশনা দিলে তাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে।