ৰঙিয়াত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'...

একেদিনাই ৰঙিয়াৰ কমাৰগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ হৈ ভূপেন বৰাৰ প্ৰচাৰ সভা

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'...

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটদান পৰ্বৰ সমাপনৰ লগে লগে আৰম্ভ হৈছে ২য় পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰ। দৰং ওদালগুৰি সমষ্টিৰ ২৬ এপ্ৰিলত ভোটগ্ৰহণ পৰ্বৰ বাবে ইতিমধ্যে শাসকীয় দল বিজেপিয়ে জোৰদাৰ প্ৰচাৰ অভিযান চলায়। দৰং ওদালগুৰি সমষ্টিৰ বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ আজি ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াকে লৈ ৰঙিয়াৰ ক্ৰীড়া পথাৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে বিকাশ যাত্ৰাৰ এক বিশদ ভাষণ আগবঢ়ায়।

Advertisment

তদুপৰি অনাগত ২৬ এপ্ৰিলৰ ভোটদান কাৰ্যসূচীত দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক উদ্দেশ্যি অনুৰোধ জনায়।আনহাতে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজৰ মাজত বিজেপি চৰকাৰক সদায় দায়বদ্ধ হোৱাৰ কথা দোহাৰি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ বাৰ নৰেন্দ্ৰ মোডীক জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়। উল্লেখ্য যে এই নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সন্ধিয়া ৬ বজাত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰঙিয়াৰ হিন্দী হাইস্কুলৰ সমীপৰ ক্ৰীড়া পথাৰৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব' চহৰখনৰ মাজেৰে ভূটান বাছষ্টেড হৈ থানাৰে ছোছাইটি চক পাৰ হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত অন্ত পৰে। গাড়ীত উঠি ৰোড শ্ব' চলোৱা এই প্ৰচাৰৰ সময়ত ৰঙিয়াৰ সকলো ৰাইজে স্বতঃস্ফুৰ্তভাৱে ওলাই আহি ঠায়ে ঠায়ে প্ৰত্যক্ষ কৰা পৰিলক্ষিত হয়। আজিৰ এই নিৰ্বাচনী প্ৰচাত মুখ্যমন্ত্ৰীক সংগ দিয়ে প্ৰাৰ্থী দিলীপ শইকীয়া,ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ উপৰিও স্থানীয় দলীয় কাৰ্যকতা আৰু অগণন ৰাইজে।

উল্লেখ কৰাটো প্ৰয়োজন যে,একেদিনাই ৰঙিয়াৰ কমাৰগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ হৈ প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰে ।‌

Also Read: তিনিচুকীয়াৰ ষ্ট্ৰং ৰুমত বিকল চিচিটিভি কেমেৰা !

loksabha elections 2024 himanta biswa sarma