কি পালে, কি হেৰুৱালে...

কনমানিটিক কান্ধত উঠাই সকলোফালে ফুৰাবলৈ নিয়া দেউতাৰ কঁকাল খন লাহে লাহে হাউলি যোৱাৰ উপক্ৰম, ভাত এগৰাহ খুৱাই দিও বুলি আপোনাৰ পিছে পিছে ঘূৰা মা জনী এতিয়া একে ঠাইতে বহি থকা হ'ল। জিলিকি থকা মা-দেউতাৰ ছালখনো এতিয়া শোতৰিবলৈ আৰম্ভ হ'ল।
কি পালে, কি হেৰুৱালে...

দিনবোৰ সলনি হয়। সময়ৰ চাকনৈয়াত উটি যায় সকলো। পুৰণি দিনবোৰে হাৰ মানিছে নতুনৰ আগত। সময়ৰ টিকনি ডালৰ লগে লগে জীৱনেও আমাক আগুৱাই লৈ গৈ আছে। সময়ৰ লগে লগে বৰ্তমান হৈ পৰে অতীত।

এনে লাগে, সৌ সিদিনা আমি ভৰি দিছিলো ২০২৩ ত। এতিয়া মাজত মাত্ৰ কেইটামান দিন বাকী। পদূলিমুখত যেন অপেক্ষা কৰি আছে নতুন বছৰ এটাই। এক সম্ভাৱণা, এক নতুন আশা লৈ। কি নাই তাৰ হিচাপ কৰাৰ সলনি কি আছে আমাৰ ওচৰত সেয়া জানো গুৰুত্বপূৰ্ণ নহয়?

শাশ্বত পৃথিৱীত সুখেই সকলোৰে কাম্য। দুখবোৰ এই সুখৰে ছাঁ। এটা এৰি আনটো পৰিপূৰ্ণ নহয়। আমি আশাবাদী জীৱ। আশা কৰাত, সপোন দেখাত বাধা কিহৰ ? নতুন বছৰৰ প্ৰাকক্ষণত নিজৰ বাবে কৰিব পৰা বহু কাম থাকে। তেনে কামে জীৱনৰ পৰিব্যপ্তি সলনি কৰি দিব পাৰে।

প্ৰচণ্ড শীতে চুই গৈছে । নিশাৰ প্ৰচুৰ কুঁৱলীৰ অন্তত পুৱাৰ ৰৌদ্ৰোজ্বল পোহৰে কঢ়িয়াই আনে নতুন বছৰৰ বাৰ্তা। বৰদিন, বনভোজ, নতুনক আদৰাৰ সময় এয়া। পৰস্পৰে পৰস্পৰৰ কুশল কামনা কৰিছে। এয়াইতো আশীৰ্বাদ। এজনে আনজনৰ বাবে জনোৱা প্ৰাৰ্থনা।

স্তিমিত সূৰ্যৰ আভাই তিৰবিৰাই তুলিছে এই সকল লোকৰ চকু । সন্মুখত আছে এৰি থৈ আহিছে বিভিন্ন ঘাত-প্ৰতিঘাত, পোৱা-নোপোৱাৰ হিচাপ আৰু ৰৈ আছে সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ ।

সঁচাকৈয়ে! বছৰটি কেনেদৰে পাৰ হ'ল গ'মেই পোৱা নাযায়। আচলতে বছৰ, মাহ, দিন আদি কেৱল সময়ৰ একো একোটা ক্ষুদ্ৰ অংশহে। সময়ৰ এই ভাগবোৰ আমি কৰি লৈছো নিজৰ সুবিধাৰ বাবে। অনন্ত ব্যাপ্ত সময়ৰ এটি নগন্য অংশ মানুহৰ জীৱন কালো। সীমাহীন সময়ৰ মাজত মানুহৰ আয়ুস ৰেখা একেবাৰেই নগন্য। যি নহওক, পল-অনুপল, দিন -মাহ বাগৰি পাৰ হয় এটি নতুন বছৰ। সেই নতুন বছৰ এটি দুৱাৰ দলিত।

মানুহৰ আশাৰ জানো অন্ত আছে? নে আশা কৰাত কিবা বাধা আছে? মানুহে আশা কৰিব লাগে জীৱনক লৈ, সপোন দেখিব লাগে নিজক লৈ, আপোনজনক লৈ। এটা সুন্দৰ ভৱিষ্যতৰ আশা কৰি সপোনবোৰ বাস্তৱায়িত কৰাৰ বাবে আমি কেৱল চেষ্টা কৰিব পাৰো।

কিন্তু আমি কেৱল সুখ আশা কৰাতো জানোই জানো ঠিক? সুখ-দুখ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। মানুহে আশা কৰা মতে সম্পূৰ্ণকৈ একোয়েই নাপায়। প্ৰাপ্তি- অপ্ৰাপ্তিৰ হিচাপ এৰি, ভাল খিনিক আঁকোৱালী লৈ বেয়াখিনিক এৰি অহাটোহে আমাৰ হাতত আছে।

আমি সকলো থাকো সুখৰ সন্ধানত। কাৰোবাৰ বাবে যদি সুখৰ সংজ্ঞা এমুঠি ভাত, তেন্তে আন কাৰোবাৰ বাবে ডাঙৰ ৰেষ্টুৰেন্টত বহি খাদ্য খোৱা। কাৰোবাৰ বাবে যদি এটা সৰু ঘৰ সাঁজি থকাতো সুখ, কাৰোবাৰ বাবে আকৌ ডাঙৰ অট্টালিকা, গাড়ী আদি লোৱাতো সুখ। সংজ্ঞা যিয়েই নহওক, সকলোৰে আঁৰত আছে কেৱল মানসিক শান্তি।

জীৱন সকলোৰে বেলেগ বেলেগ। কোনোবাই যদি সফলতা লাভ কৰিছে, কোনোবাই বিফলতা। কোনোবাই যদি আপোনজনক হেৰুৱাইছে কোনোবাই পাইছে। মুঠতে পোৱা-নোপোৱা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজতেই আছে আমাৰ পৃথিৱী। কেৱল ইয়াৰ মাজৰ পৰা আমি কি আঁকোৱালী ৰাখিছো সেয়াহে প্ৰয়োজনীয়।

সময় গতিশীল। সময় গুচি যাব, ৰৈ যাব কেৱল স্মৃতি। সেয়া লাগিলে ভালেই হওক বা বেয়াই হওক। চকুৰ পচাৰতে হাতৰ আঙুলিত ধৰি ঘূৰি ফুৰা ভাইটিয়ে এতিয়া বায়েকজনীকেই কোচত তুলি ল'ব পৰা হ'ল। কনমানিটিক কান্ধত উঠাই সকলোফালে ফুৰাবলৈ নিয়া দেউতাৰ কঁকাল খন লাহে লাহে হাউলি যোৱাৰ উপক্ৰম, ভাত এগৰাহ খুৱাই দিও বুলি আপোনাৰ পিছে পিছে ঘূৰা মা জনী এতিয়া একে ঠাইতে বহি থকা হ'ল। জিলিকি থকা মা-দেউতাৰ ছালখনো এতিয়া শোতৰিবলৈ আৰম্ভ হ'ল।

সময় সঁচাকৈয়ে নিষ্ঠুৰ নহয়নে? আপুনিতো ঘূৰি যাব নোৱাৰে অতীতলৈ।আমাৰ সুখ আমাৰ হাততেই আছে। মানুহ হিচাপে জীয়াই থকাৰ সংগ্ৰাম খনত ভাল বেয়া, দোষ গুণ থাকিবই। কিন্তু আপুনি কেনেদৰে জীৱনটো আগুৱাই নিব সেয়া হ'ব গুৰুত্বপূৰ্ণ। কোনটো পথ গ্ৰহণ কৰিব, কোনটো পথ বৰ্জন কৰিব সেয়া সিদ্ধান্ত কেৱল আপোনাৰ।

নতুন বছৰলৈ মাত্ৰ কেইটামান দিন বাকী। এই নতুন বছৰত আমি সংকল্প ল'ব পাৰো এটা সুন্দৰ ভৱিষ্যতৰ। প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ নকৰি জীৱন যুঁজত শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ সময় এতিয়া। হাতৰ মুঠিত থকা সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰাৰ সময় এয়া। যি নহওক, এয়া নতুনক আদৰাৰ সময়।

মানুহৰ ওচৰত যিমানেই সম্পত্তি, ধন আদি নাথাকক কিয় সকলোৰে জীৱনত সমস্যা থাকিবই। আহিবলগীয়া সমস্যা নিয়ন্ত্রণ আমাৰ হাতত নাই। কিন্তু আমাৰ হাতত যি আছে, সেয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আমাৰ আছে। আমাৰ সুখ আমাৰ হাতত আছে। আমি সুখী হ'ব পাৰো নিজে বিচৰা ধৰণেই। এই নতুন বছৰৰ প্ৰাকক্ষণত আশা মাঁথো এটাই, সুখেৰে থাকক সকলো, কুশলে থাকক...

কি পালে, কি হেৰুৱালে...
কৃষি বিনে নাই গতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in