১১ মে'ত চাকৰিৰ নিযুক্তি পত্ৰ নহয়, চিনেমা চাবলৈ যাব মুখ্যমন্ত্ৰীয়ে!

বৰ্তমান সময়ত বলিউডৰ ছবি 'দ্যা কেৰালা ষ্টৰী' চৰ্চাত থকা পৰিলক্ষিত হয়। ছবি খনৰ ট্ৰেইলৰ মুকলি হোৱাৰ পাছতেই যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল।

author-image
Asomiya Pratidin
New Update
১১ মে'ত চাকৰিৰ নিযুক্তি পত্ৰ নহয়, চিনেমা চাবলৈ যাব মুখ্যমন্ত্ৰীয়ে!

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বলিউডৰ ছবি 'দ্যা কেৰালা ষ্টৰী' চৰ্চাত থকা পৰিলক্ষিত হয়। ছবি খনৰ ট্ৰেইলৰ মুকলি হোৱাৰ পাছতেই যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল। এই ছবিখনেই চাবলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে ১১ মে'ত তেওঁ দ্যা কেৰালা ষ্টৰী চাবলৈ যাব। তেওঁ কয় যে, ১১ মে'ত তেওঁ পৰিয়াল আৰু কেবিনেটৰ একাংশ নেতাৰ লগত ছবি খন চাবলৈ যাব। তাৰ পূৰ্বে ইয়াৰ ওপৰত কোনো ধৰণৰ মন্তব্য নিদিয়ে।

১১ মে'ত চাকৰিৰ নিযুক্তিপত্ৰ দিয়াৰ কথা আছিল। কিন্তু এই নিযুক্তি পত্ৰ ২৬ মে'তহে দিয়া হ'ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য় যে, ছবি খনত ধৰ্ম পৰিৱৰ্তন, লাভ জিহাদ, আইএছআইএছ আদিৰ ওপৰত দেখুওৱা হৈছে। হিন্দু আৰু খ্ৰীষ্টান যুৱতীক কেনেদৰে ধৰ্ম পৰিৱৰ্তন কৰাই সন্ত্ৰাসবাদীত যোগদান কৰাই এই সন্দৰ্ভত ছবিখনত উপস্থাপন কৰা হৈছে।

প্ৰথম অৱস্থাত ছবিখনত কেৰালাৰ ৩২ হাজাৰ যুৱতীৰ বিষয়ে উল্লেখ কৰা হৈছিল যদিও প্ৰতিবাদৰ পাছত ইয়াৰ সংখ্যা ৩ গৰাকী কৰে।

Also Read: দুই শিশুক অকথ্য নিৰ্যাতন চিকিৎসক দম্পতীৰঃ শীঘ্ৰেই চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

himanta biswa sarma