দুই শিশুক অকথ্য নিৰ্যাতন চিকিৎসক দম্পতীৰঃ শীঘ্ৰেই চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৬ মাহৰ ভিতৰত সমগ্র তদন্ত প্রক্রিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

author-image
Asomiya Pratidin
New Update
দুই শিশুক অকথ্য নিৰ্যাতন চিকিৎসক দম্পতীৰঃ শীঘ্ৰেই চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৬ মাহৰ ভিতৰত সমগ্র তদন্ত প্রক্রিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

Advertisment

তেওঁ কয় যে, মুখ্য ন্যায়াধীশক বিশেষ আদালতৰ বাবে অনুৰোধ জনাম। ৪৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ দিছোঁ। মই সমগ্র ঘটনাৰ ওপৰত নজৰ ৰাখি আছো।

উল্লেখ্য যে, দুই চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ডই জোকাৰি গৈছে ৰাজ্য। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চিকিৎসক ৱালিউল ইছলাম আৰু তেওঁৰ পত্নী সংগীতা দত্তৰ জেৰা চলাই আছে।

দুই চিকিৎসকৰ জেৰাত পোহৰলৈ আহিছে ন ন তথ্য। জানিব পৰা মতে দুই শিশু সন্তান তেওঁলোকৰ নহয়। কোনো মহিলাইহে তেওঁলোকক আনি দিছিল শিশু দুটি। তদুপৰি শিশু দুটি সন্দৰ্ভত তেওঁলোকৰ হাতত নাই আন কোনো তথ্য।

দুই শিশুকেই নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে দম্পত্তী হালৰ বিৰুদ্ধে।কন্যা শিশুটিৰ দেহৰ বিভিন্ন অংশত ইস্ত্ৰিৰে পোৰা, গৰম পানী ঢলা দাগ স্পষ্ট। ল'ৰা শিশুটিও নিৰ্যাতন হৈ আহিছিল বহুদিন ধৰি। গুপ্তাংগত স্পষ্ট হৈ আছে আঘাতৰ চিন।

ইয়াৰোপৰি দুই চিকিৎসকৰ বিৰুদ্ধে আৰু বহু অভিযোগ আছে। ঘটনাৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ সত্যতা।

Also Read: মেদবহুল আৰু সুৰাপায়ী আৰক্ষীক দিয়া হ'ব স্বেচ্ছামূলক অৱসৰ...

Assam police himanta biswa sarma