মেদবহুল আৰু সুৰাপায়ী আৰক্ষীক দিয়া হ'ব স্বেচ্ছামূলক অৱসৰ...

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

author-image
Asomiya Pratidin
New Update
মেদবহুল আৰু সুৰাপায়ী আৰক্ষীক দিয়া হ'ব স্বেচ্ছামূলক অৱসৰ...

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ ৬৮০ জন আৰক্ষীক প্ৰদান কৰা হ'ব স্বেচ্ছামূলক অৱসৰ। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

Advertisment

তেওঁ কয় যে ইতিমধ্যে আৰক্ষী সকলক লৈ এখন তালিকা প্ৰস্তুত কৰা হৈছে যিয়ে অভ্যাসগত ভাৱে সুৰাপান কৰে। লগতে যি মেদবহুল আৰু কৰ্তব্যত গাফিলতি কৰে। এই আৰক্ষী বিষয়া সকলক এক পৰ্যালোচনাৰ পাছত স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰা হ'ব।

তেওঁ কয় যে,"আমাৰ ওচৰত ইতিমধ্যে প্ৰায় ৬৮০ জন ব্যক্তিৰ এখন তালিকা আছে''। অৱশ্যে ভিত্তিহীন ভাৱে কোনো লোকক অন্তভূৰ্ত নহয় বুলি কয়। ইয়াৰ বাবে বেটেলিয়ন আৰু জিলাসমূহত সমিতি গঠন কৰা হৈছে।

সমিতিয়ে দাখিল কৰা তালিকাখন পুনৰ এখন সমিতিৰ দ্বাৰা পৰ্যালোচনা কৰা হ'ব য'ত প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী শাখাৰ লগতে আইন-শৃংখলা আৰু প্ৰশাসনৰ লোক থাকিব।তাৰ পাছতেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

সিঙে কয় যে এই ক্ষেত্ৰত যাতে কোনো ভুল নহয় বা কোনো ভুল ব্যক্তিৰ নাম তালিকাত নাহে তাৰ বাবে প্ৰক্ৰিয়াটোত কিছু সময় লাগিব। ইয়াৰোপৰি যি সকলৰ নাম তালিকাত আছে কিন্তু ভিআৰএছ ল'বলৈ অনিচ্ছুক তেওঁলোকক ফিল্ডৰ ডিউটি দিয়া নহ'ব।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ শীৰ্ষ বিষয়াৰে হোৱা এক বৈঠকত অংশ লৈছিল। তেতিয়া তেওঁ কৈছিল যে যি সকল আৰক্ষীৰ বিৰুদ্ধে সুৰাপান কৰা, মেদবহুলতা , দুৰ্নীতি আদিৰ অভিযোগ আছে তেওঁলোকক ভি আৰ এছ দিয়া হ'ব।

Also Read: লাহোৱালৰ আলিমূৰ নগাচাপৰিত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ...

Assam police gp singh