অসমৰ বান পৰিস্থিতিক ‘জটিল’ বুলি ঘোষণা কৰিবলৈ আহ্বান; কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ…

অসমৰ বান পৰিস্থিতিক ‘জটিল’ বুলি ঘোষণা কৰিবলৈ আহ্বান; কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
বিজেপিক ভোট দিবলৈ কংগ্ৰেছ বিধায়কক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ…

ডিজিটেল ডেস্ক: ৰাজ্যত চলি থকা বিভিন্ন বিতৰ্কৰ মাজতেই শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা।

অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত। অসমৰ বান পৰিস্থিতিক 'জটিল' বুলি ঘোষণা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

SDRFৰ শিতানৰ পৰা ৩২৭ কোটি বান সাহায্য লাভ কৰে ৰাজ্য চৰকাৰে। NDRF শিতানৰ পৰাও সাহায্য মুকলি কৰি দিয়াৰ আহ্বান মুখ্যমন্ত্রী শৰ্মাৰ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৩০ৰ পৰা ৫০ হাজাৰ লোকৰ ঘৰ ক্ষতিসাধন হৈছে। আগষ্টৰ ভিতৰত SDRFৰ টকাৰে আমি সাহায্য দিম। SDRFৰ একাউণ্ট শূন্য হ'লে আমি NDRFৰ পৰা টকা পাম।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam amit shah himanta biswa sarma