১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১)অসম-মেঘালয় সীমান্তত উত্তেজনা।  অসমৰ লোকৰ পৰা ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত তিনিজন।

২)জুৰীয়াত কুকুৰ সৰবৰাহকাৰী চক্রৰ এজনক আটক আৰক্ষীৰ।ধৃত সৰবৰাহকাৰীটোৰ নাম আজমত আলী।

৩)২৫ হাজাৰ টকা ঘোচ লৈ হাতে লোটে ধন লৈ গ্রেপ্তাৰ হ'ল নিয়ন্ত্রক পৰ্যায়ৰ বিষয়া।গ্রেপ্তাৰ হোৱা বিষয়াজন শচীন্দ্র নাথ বৈশ্য।

৪)নগাঁৱৰ ডিমৰুগুৰিত চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰাটে প্ৰশিক্ষন শিবিৰটি শুকুৰবাৰে সন্ধিয়া অন্ত পৰে ৷

৫)ছেম ষ্টেফৰ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্রতিবেদন নাকচ কৰে আদালতে। প্রতিবেদন নাকচ কৰি CJM আদালতে ৰুজু কৰে নিজাববীয়া গোচৰ। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক পক্ষ কৰি ৪৩৩৯/২২ নম্বৰত গোচৰ ৰুজু আদালতৰ। IPC ৩২৬ আৰু ৩০২ ধাৰাত আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু আদালতৰ ।

৬)অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। বৰ্তমান পৰ্যন্ত প্ৰায় ১২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যুৰ  খবৰ আহি পৰিছে।

৭) ওদালগুৰি জিলা কৃষি বিভাগৰ প্ৰশংসনীয় পদক্ষেপ। মাজবাট কৃষি উন্নয়ন খণ্ডৰ উদ্যোগত ১০ হেক্টৰ কৃষি ভূমিত সমূহীয়া কঠীয়া সিঁচিলে কৃষি বিভাগে। 

৮) উজনি অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী সকলৰ ৰংঘৰ স্বৰূপ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ মৌজাৰ সমগ্ৰ চেমা নগা সকলে প্ৰতিবছৰে ৮ জুলাই দিনটোত তুলুনী উৎসৱৰ পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি আহিছে।

৯)অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চাইঞ্চৰ পৰা Aneshesiology & critical care and medicine ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে ডকমকাৰ প্ৰিয়ংকা বৰুৱাই।

১০)বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা অসুস্থ। বৰ্ষীয়ান সত্ৰীয়াগৰাকীক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি যকৃতজনিত ৰোগত আক্ৰান্ত হৈ আছে।

১১)নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঐতিহ্যমণ্ডিত জামুগুৰি ফালেঙী চুক নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু মহানাম মহোৎসৱ আজিৰে দুদিনীয়া কায্যসূচীৰে আৰম্ভ হৈছে ।

১২)১৩)জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যু। দুৰ্বৃত্তই হত্যা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক।

১৩)জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যুত ভাৰতত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় শোক। শুকুৰবাৰেল ছিনজো আবেক দুৰ্বৃ্ত্তই গুলীয়াই হত্যা কৰাৰ পিছতে ভাৰত চৰকাৰে ৯ জুলাই শনিবাৰে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় শোক।

১৪)মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত কিষাণপুৰ গাঁৱত শুকুৰবাৰে দুপৰীয়া পথাৰত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰ পৰি এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। 

১৫)ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাটো নতুনকৈ আৰম্ভ হৈছে ক'ভিডৰ প্ৰাদুৰ্ভাৱ। শুকুৰবাৰৰ দিনটোত জিলাখনত ২৫ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি। 

১৬)অপৰাধ নিয়ন্ত্ৰনত ব্যৰ্থতা, উৎকোচ বিচাৰি ৰাইজক হাৰাশাস্তি আদি বিভিন্ন অভিযোগত অভিযুক্ত নগাঁও আৰক্ষীৰ এগৰাকী বিষয়া সুোদৰৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে ডকাইটিৰ গোচৰ।

১৭)অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হ'ল এছ আই জোনমণি ৰাভাৰ। প্ৰৱঞ্চনাৰ গোচৰত জেললৈ যোৱা এছ আই জোনমণি ৰাভাক যোৱা ৪ জুনত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জোনমণি ৰাভাক।

১৮)গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি অবৈধ হত্যা আৰু কোৰবাণী নিষিদ্ধ কৰা হৈছে। আইন মানি সকলোৱে নিজৰ পৰম্পৰা ৰক্ষা কৰিব পাৰি।

১৯)এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কংগ্ৰেছৰ বিধায়ক তথা কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই। শুকুৰবাৰে কৰিমগঞ্জ সদৰ আৰক্ষী থানাত এই গোচৰ ৰুজু কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

২০)ৰাজ্যজুৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ। বন্যাৰ্ত ছাত্ৰ-ছাত্ৰীক ২ হাজাৰ টকা, বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ক ১০ লাখ ক্ষতিপূৰণৰ দাবী।

২১)শান্তিপূৰ্ণভাৱে, আনন্দৰ মাজেৰে আৰু আইন ৰক্ষা কৰি ঈদ-উজ-জোহা উদযাপন কৰিবলৈ ধুবুৰী জিলাৰ সকলো ইছলামধৰ্মী লোকলৈ আহ্বান জনাইছে ধুবুৰীৰ উপায়ুক্ত আনবামুথান এম পি আৰু আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে ৷

২২) আজি পুৱতি নিশা প্ৰায় ২ বজাত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী থানা এলেকাৰ অধীনস্থ গোমাইজোৰাত গুৱাহাটী-মানকাচৰ নৈশ বাছ দুর্ঘটনাগ্ৰস্থ হৈ ১৪ জনকৈ লোক আহত হয়। 

২৩)ডিব্ৰুগড়ত হত্যা হোৱা বিনিত বাগেৰিয়া কাণ্ডৰ মূল অভিযুক্ত লামডিং ৰেলৱে জংচনত আটক। আটক কৰা দুই জন ব্যক্তি নিচান্ত শৰ্মা আৰু বাইদুল্লা খান।

২৪)অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত দুদিনীয়াকৈ নগাঁও চহৰত অনুষ্ঠিত হ'ব ৪৪ সংখ্যক সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ -২০২২।

২৫)সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ আহ্বানত আজি বটদ্ৰৱা সমষ্টিৰ বগৰিগুৰি লালুং গাঁও ৰঙ্গ মঞ্চত ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in