বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...

বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিধানসভাৰ বাজেট অধিবেশন সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়াৰ সংজ্ঞাৰ ওপৰত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে, আজি বিধানসভাত উত্তৰ দাখিল কৰিছো। খিলঞ্জীয়াৰ সংজ্ঞা কাইলৈ পাব। অসমত যুগ যুগ ধৰি বাস কৰি অহাসকলেই খিলঞ্জীয়া। মিঞাসকল অসমত নাছিলেই। যদি মিঞাসকলে ধৰ্মান্তকৰণ কৰাৰ আগৰ জাতিৰ কোনো প্ৰমাণ দিব পাৰে তেতিয়াহে খিলঞ্জীয়া বুলি ক'ব পৰা যাব।

মিছন বসুন্ধৰাক লৈ হোৱা ভুল ব্যাখ্যাৰ বাবে মুখ্যমন্ত্ৰী শুধৰণি কৰি কয় যে, বসুন্ধৰা প্ৰৱজনকাৰী মুছলিম বা মাৰোৱাৰী,বিহাৰী আদিৰ বাবেও নহয়। তেওঁলোকৰ বাবে অইন ব্যৱস্থা আছে। মিছন বসুন্ধৰা হৈছে খিলঞ্জীয়া লোকৰ বাবেহে। মিছন বসুন্ধৰাত ১৩ লাখ লোকে আবেদন কৰিছে। ইয়াৰে আঢ়ৈ লাখক বাছনি কৰিছে SLACয়ে। মিছন বসুন্ধৰাত এছ চি -এছ টিয়ে লাভ কৰিব প্ৰাধান্য।

চৰাঞ্চলত এতিয়াও সম্পূৰ্ণ হোৱা নাই ভূমি জৰীপ। মিছন বসুন্ধৰাত তিনিটা কিস্তিত দিব লাগে ৫০০ টকা। লগতে মিছন বসুন্ধৰাত খেলিমেলি পালে অভিভাৱক মন্ত্ৰীক অৱগত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভূমি পাট্টা বিতৰণ সন্দৰ্ভত শৰ্মাই কয় য়ে, ১৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত পুনৰ বিতৰণ কৰা হ'ব ভূমি পট্টা। যদি তাৰপাছতো কোনোবাই ভূমি পট্টা নাপাই তেওঁলোকে মিছন বসুন্ধৰা-৩ ত সুবিধা পাব। বসুন্ধৰাত মাটি পাবলৈ হ'লে , ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া হ'ব লাগবি।

হিতেশ্বৰ শইকীয়া মোৰ গুৰু আছিল, তেওঁৰ চৰকাৰেও ২ লাখ পট্টা দিয়া নাছিল. তৰুণ গগৈ চৰকাৰেও দিয়া নাই, মহন্ত চৰকাৰেও দিয়া নাই। কিন্তু এই ৰেকৰ্ড থাকি যাব যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২ লাখলোকক ভূমি পট্টা দিছে।

শৰ্মাই কয় যে, শীঘ্ৰে ৰাজ্যত হ'ব ভূমি সংস্কাৰ। ভিজিআৰ,পিজিআৰত বসবাস কৰাসকলেও লাভ কৰিব ভূমি পট্টা।

ভূমি দখল কৰা সন্দৰ্ভত শৰ্মাই কয় যে, লাহৰীঘাটৰ ২২ জন মাতব্বৰে ২০০০ বিঘা ভূমি দখল কৰি আছে। লাহৰীঘাটৰ ঘটনাই চকু মুকলি কৰিলে মুখ্যমন্ত্ৰীৰ। মাতব্বৰৰ পৰা চৰৰ সকলো মাটি দখলমুক্ত কৰা হ'ব।মাতাব্বৰ বিলাকে মাটিৰ বাবে বহু বিয়াও কৰায়। ইয়াৰ ক্ষেত্ৰত আমাৰ পৰিকল্পনা আছে। মাতাব্বৰসকলে দখল কৰি থকা মাটি দৰিদ্ৰসকলক দিয়া হব।

কিন্তু এয়া খিলঞ্জীয়া লোকসকলৰ সমস্যা সমাধান কৰাৰ পাছতেহে কৰা হব। প্ৰথমে এছ-চি, এছটি আদিসকলৰ সমস্যা সমাধান কৰা হব।

বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...
জনতা ভৱনত নাৰী নিৰ্যাতনৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in