পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত নৈশ যাপন কৰা নাছিলঃ হিমন্ত বিশ্ব শৰ্মা

পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত নৈশ যাপন কৰা নাছিলঃ হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত নৈশ যাপন কৰা নাছিলঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয় নিশ্চিত কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে।মুখ্যমন্ত্ৰীয়ে দেওবাৰে ফকিৰাগ্ৰামত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ইউপিলিএল দলৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই কালি নিশা কোকৰাঝাৰৰ চৰাইখোলাস্থিত অতিথিশালাত নৈশ যাপন কৰে আৰু নিশা প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰ দল -সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়।

Advertisment

বড়ো,কোচ-ৰাজবংশী,আদিবাসী,নাথ-যোগী,বেংগলী,গোৰ্খা,সংখ্যালঘু,আদিকে ধৰি প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ একাংশ নেতৃবৰ্গৰ সৈতে সুকীয়া,সুকীয়াকৈ আলোচনাত মিলিত হৈ জনগোষ্ঠীটোৰ সমস্যা সন্দৰ্ভত আলোচনা কৰে। নিৰ্বাচনৰ পিছত সমস্যা সমাধানৰ বাবে পৰ্যায়ক্ৰমে আলোচনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। ইপিনে আজি পুৱা কোকৰাঝাৰৰ পৰা সৰুপেটা,বৰক্ষেত্ৰী,হাজোৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত সাংবাদিকৰ আগত কয় যে,'কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত সন্নিবিষ্ট কৰা উত্তৰাধিকাৰ কৰ বিষয়টোৱে সমগ্ৰ দেশতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। উত্তৰাধিকাৰ কৰৰ পৰা লাভ কৰা ধন কংগ্ৰেছে ক’ত ব্যৱহাৰ কৰিব সেয়া সকলোৱে জানে বুলি মন্তব্য কৰি উক্ত কাৰ্যৰ বাবে ৰাইজে কংগ্ৰেছক গৰিহণা দিছে।'

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে,বিগত ২০ বছৰ ধৰি বিটিআৰৰ এই অঞ্চলটোত এক অশান্তিময় পৰিবেশে বিৰাজ কৰি আছিল। মানুহে কেৱল জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাত হে ব্যস্ত থকাৰ বাবে আন কোনো সমস্যাৰ কথা কব পৰা বা ভাবিব পৰা অৱস্থাত নাছিল। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কোকৰাঝাৰত নৈশ যাপন কৰিছো যি কাম পূৰ্বৰ কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাছিল।

বৰ্তমান সকলোৰে মাজত আস্থা ঘূৰি আহিছে।মানুহবোৰে এতিয়া মোক সমস্যাৰ কথা কৈছে।বহু সমস্যা সমাধান কৰিছো, বহু সমস্যা সমাধান কৰা হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অহা ৩ মে'ত পুনৰ কোকৰাঝাৰত ৰোড শ্ব' কৰিবলৈ আহিব আৰু পুনৰাই নৈশ যাপন কৰিব বুলি মন্তব্য কৰে।কোকৰাঝাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটত জিকিব বুলিও স্পষ্ট মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Also Read: কংগ্ৰেছ সূতা-কম্বল পাৰ্টি আৰু বিপিএফ হ'ল সূতা-কম্বল অৰ্ডাৰ দিয়া পাৰ্টিঃ মন্ত্ৰী পীযুষ হাজৰীকা

cm news kokrajhar news jayanta basumatari himanta biswa sarma