/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/04b0e69c-f78d-4d44-a2ba-2154266d68ff/4.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ 'আজিৰ পৰা ৭-৮ বছৰ আগতে যেতিয়া অসমত মথাউৰি ভাগিছিল,বানপানী হোৱাৰ দুবছৰ পাছলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত, বিপিএফ চৰকাৰৰ দিনত মথাউৰি মেৰামতি কৰা হোৱা নাছিল।'- এই মন্তব্য জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। সোমবাৰে বাক্সা বিধানসভা সমষ্টিৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e554feca-7495-4021-b882-73ce45221a0e/ca06bbb9_26b3_4ffc_88e7_b61acfbe80ae.jpg)
বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে চাৰণপাৰাৰ মথাউৰিৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য কৰে। কিয়নো তেতিয়াৰ কংগ্ৰেছ-বিপিএফৰ চৰকাৰৰ দিনত এই মথাউৰিটো বানপানী হোৱাৰ দুবছৰ পাছতো মেৰামতি কৰা হোৱা নাছিল। তেওঁ কয় যে আজি সেই পৰিৱেশ নাইকিয়া হৈ গল। বিজেপি-ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰৰ দিনত সেই পৰিৱেশ আজি অসমত নাইকিয়া হৈ গল। আজি যদি কৰবাত বানপানী হয় লগে লগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰীগৰাকী সেই অঞ্চলত উপস্থিত হয় বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6a5407d0-ec37-4a05-8a51-3dd844ebcb22/bba3e8f5_0493_4e27_9b66_97e103d355e9.jpg)
নলবাৰী আৰু বৰমাৰ দুয়োকাষে মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে আজি নলবাৰী, তামুলপুৰ আৰু বৰমা বানমুক্ত হৈছে। এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হৈছে, কিয়নো বিটিআৰৰ লোকসকলক মুখ্যমন্ত্ৰীয়ে অকৃত্ৰিমভাৱে ভালপায়, শ্ৰদ্ধা কৰে আৰু মৰম কৰে বুলি ভাষণত তেওঁ উল্লেখ কৰে। বিটিচিৰ চুক্তি মতে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিআৰৰ বাবে পোনপটীয়াকৈ টকা আহে, জলসম্পদ বিভাগে এই অঞ্চলত টকা মঞ্জুৰী দিব নালাগে কিন্তু নিয়মৰ বাহিৰত গৈ মন্ত্ৰীগৰাকীয়ে বিটিআৰত জলসম্পদ বিভাগৰ অধীনত ৩৫০ কোটি টকাৰ কাম কৰাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/69c5f19a-d382-4e8c-b028-29ea88c1f58d/74bbd1b9_ceaf_4eef_9991_09e5b74c9467.jpg)
কংগ্ৰেছ আৰু বিপিএফক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সূতা কম্বল পাৰ্টি আৰু বিপিএফক সূতা-কম্বল অৰ্ডাৰ দিয়া পাৰ্টি বুলি কটাক্ষ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনত গুৱাহাটীত আছিল সূতা-কম্বল পাৰ্টি আৰু বিটিচিত আছিল সূতা-কম্বল অৰ্ডাৰ দিয়া পাৰ্টি বিপিএফ। গতিকে তেনেকুৱা পাৰ্টিক ভোট নিদিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে বিজেপি-ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3703a65e-b030-4110-b467-9b425aa8e75b/2bf67f6b_b798_432c_9d60_d54e3682286d.jpg)
সভাত বিধায়ক দিগন্ত কলিতা, মানৱ ডেকা, ৰূপজ্যোতি কুৰ্মী, জলেন দৈমাৰী, বাক্সা জিলাৰ প্রভাৰী প্ৰণৱজ্যোতি বৰ্মন, বাক্সা বিজেপিৰ সভাপতি শৰত শৰ্মা, মুছলপুৰ জিলা ইউ পি পি এলৰ সভাপতি নিপন চন্দ্ৰ বড়ো আৰু আন আন বিজেপি মিত্ৰজোঁটৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Also Read: শ্ৰেণী কোঠাত সপ্তম শ্ৰণীৰ ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টাঃ শিক্ষকক ৫ বছৰৰ কাৰাদণ্ড...