/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/036f3c40-b0f8-4719-99b0-e41e59958862/guwahati_26.jpg)
guwahati high court
ডিজিটেল ডেস্কঃ হোজাই জিলা বিলুপ্তিকৰণৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। জিলা বিলুপ্তিকৰণক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল কৰিছিল অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে।
পি আই এল নং 26/2023ৰ শুনানি গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ সঞ্জীৱ মেহতা ন্য়ায়াধীশ কাৰ্ডাক ইটেৰ খণ্ড বিচাৰপীঠে। দুদিন পূৰ্বে বিশ্বনাথ জিলা বিলুপ্তিকৰণৰো কাৰণ দৰশোৱাৰ জাননী জাৰি কৰিছিল ন্যায়ালয়ে।
ডিলিমিটেচনৰ উদ্দেশ্যে যোৱা ৩১ ডিচেম্বৰৰ নিশা ৪খন জিলা বিলুপ্ত কৰিছিল ৰাজ্য চৰকাৰে। ৩১ ডিচেম্বৰত নতুন দিল্লীত কেবিনেট পাতি হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী জিলা বিলুপ্ত কৰিছিল চৰকাৰে
জিলা বিলুপ্তিৰ সিদ্ধান্তৰ সিদ্ধান্ত কিয় অবৈধ ঘোষণা কৰা নহ’ব – ৰাজ্য চৰকাৰলৈ এই প্ৰশ্ন হাইকোৰ্টৰ । জিলা বিলুপ্তিৰ সিদ্ধান্ত হাইকোৰ্টে অবৈধ ঘোষণা কৰিলে অসমত বাধাপ্ৰাপ্ত হ’ব ডিলিমিটেচন।
Also Read: ১০ জন এনে মানুহ লাগে...