ডায়েট কামৰূপত জয়ন্ত বৰুৱা, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান ব্ৰেইল হেমকোষ

ডায়েট কামৰূপত জয়ন্ত বৰুৱা, গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত প্ৰদান ব্ৰেইল হেমকোষ

ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই বৃহস্পতিবাৰে হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰণ প্ৰদান কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(ডায়েট) কামৰূপ,মিৰ্জাক। প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ড° পংকজা বৰুৱাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই স্বত্বাধিকাৰ জনে অসমৰ অন্যতম ঐতিহ্যমণ্ডিত প্ৰশিক্ষন প্ৰতিষ্ঠানটোক এই সংস্কৰণ প্ৰদান কৰে।

ইতিমধ্যে গীনিজ বুকত বিশ্ব ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অক্ষয়কীৰ্তি হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰণটোৰ বৃহৎ কলেৱৰটোত মুঠ ২৭ টা খণ্ড আছে । এনে এক অমূল্য সমল লাভ কৰি যথেষ্ট উৎফুল্লিত হৈছে ডায়েট কামৰূপ পৰিয়াল।

উল্লেখ্য যে এই সংস্কৰণটোৰ গৰাকী হ'বলৈ সক্ষম হোৱা ডায়েট কামৰূপ হৈছে অসমৰ প্ৰথমটো শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। ডায়েট কামৰূপৰ প্ৰেক্ষাগৃহত এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত।

দুয়োকে প্ৰতিষ্ঠানটোৰ ডিএলএড আৰু বি এড প্ৰশিক্ষাৰ্থীসকলে ঢোলে দগৰে আদৰি আনে। সাদিন প্ৰতিদিন গোষ্ঠীৰ অনবদ্য অৱদানৰ বিষয়ে সবিশেষ উল্লেখ কৰি উক্ত অনুষ্ঠানটোৰ আঁ‌ত ধৰে ডায়েটৰ প্ৰবক্তা ড° শিৰোমণি ভূঞাই। অনুষ্ঠানটোত উপস্থিত থাকি জয়ন্ত বৰুৱাই বক্তব্যত কয় যে অসমৰ এক জটিল ক্ষণত অসমীয়া ভাষাটোৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ স্বাৰ্থত হেমচন্দ্ৰ বৰুৱাদেৱে দ্বিভাষিক অভিধান প্ৰণয়নৰ দৰে এক বিশাল কৰ্ম সম্পাদন কৰিছিল।

ব্ৰিটিছ পক্ষক অসমীয়া ভাষাৰ সম্পৰ্কে থকা ভুল ধাৰণা আতৰাই ভাষাৰ স্বকীয়তা পুনৰ প্ৰতিষ্ঠা কৰিছিল। একে প্ৰসংগতে আন গৰাকী অতিথি প্ৰকাশ মহন্তই এই ব্ৰেইল অভিধানখন ডায়েট কামৰূপক প্ৰদান কৰাৰ উদেশ্য ব্যাখ্যা কৰে। ডায়েট কামৰূপে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰেই নহয়,সমগ্ৰ নামনি অসমৰ এক অন্যতম প্ৰশিক্ষণ প্ৰতিষ্ঠান যাৰ জৰিয়তে প্ৰয়োজনক্ষম প্ৰশিক্ষাৰ্থী তথা স্কুল কলেজৰ দিব্যাংগ(দৃষ্টিহীন) ছাত্ৰ ছাত্ৰীক সাহচৰ্য আগবঢ়োৱাৰ এক ডাঙৰ সুযোগ আছে। সংহত প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে ডায়েট কামৰূপক উন্নীত কৰাৰ থল আছে।

এইক্ষেত্ৰত ডায়েটখনৰ অধ্যক্ষ ড° পংকজা বৰুৱা তথা প্ৰবক্তাবৃন্দৰ উৎসাহৰ শলাগ লয় অতিথিসকলে। অনুষ্ঠানটোত ডায়েটৰ প্ৰবক্তা খনীন তামুলী,ভূপেন কুমাৰ দাস,প্ৰীতিপুস্পা বৰুৱা,উপাসনা শইকীয়া,পম্পী তালুকদাৰ, গ্ৰন্থাগাৰিক ভাৰত ৰাজবংশী,কৰ্মচাৰী দীপেন কুমাৰ,মনদীপ দাস,নয়ন ডেকা আদিয়ে সম্ভাষণ জ্ঞাপন কৰে।

শলাগৰ শৰাই আগবঢ়াই শিক্ষক প্ৰশিক্ষাৰ্থী আজাদ ওছমান গণিয়ে জনাই যে এই অভিধানখন পোৱাৰ ক্ষেত্ৰত ডায়েট কামৰূপৰ অধ্যক্ষা প্ৰমুখ্যে প্ৰবক্তা ড° শিৰোমণি ভূঞাই যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল, যাৰ বাবে প্ৰতিদিন গোষ্ঠীক তেওঁ‌ অনুৰোধ কৰিছিল যাতে প্ৰশিক্ষাৰ্থী তথা জিলাখনৰ বৃহত্তৰ স্বাৰ্থ পুৰণ হয় । এনে এক দলীয় কৰ্মত প্ৰত্যেক প্ৰশিক্ষাৰ্থীয়ে সহযোগ কৰিছিল। অধ্যক্ষা ড° পংকজা বৰুৱাই ওছমান গণিৰ এই প্ৰচেষ্টাৰ যথেষ্ট শলাগ লয়।

উল্লেখ্য যে অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৰকান্ত অধিকাৰী, শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, ছয়গাঁও শিক্ষন মহাবিদ্যালয়ৰ অধ্যক্ষ অভিজিৎ দেৱ অধিকাৰী আদি।

ডায়েট কামৰূপত জয়ন্ত বৰুৱা, গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত প্ৰদান ব্ৰেইল হেমকোষ
চিলাবলৈ দিয়া খাকী কাপোৰযোৰ নিবলৈ জোনমণি আৰু নাহে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in