হেমকোষৰ পঞ্চাদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ উন্মোচন ১০ ডিচেম্বৰত

হেমকোষৰ পঞ্চাদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ উন্মোচন ১০ ডিচেম্বৰত

ডিজিটেল ডেস্কঃ অহা ১০ ডিচেম্বৰ, দেওবাৰে উন্মোচন হ'ব হেমকোষৰ পঞ্চদশ পৰিশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ। উল্লেখ্য যে, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ১৯০০ চনতে প্ৰণয়ন কৰা হেমকোষৰ চতুৰ্দশ সংখ্যক সংস্কৰণ ২০১১ চনত প্ৰকাশ পাইছিল।

হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাই কেইবাটাও সংস্কৰণ সম্পাদনা কৰিছিল। প্ৰায় ডেৰ বছৰজোৰা প্ৰস্তুতিৰ অন্তত হেমকোষৰ পঞ্চাদশ সংস্কৰণৰ সম্পাদনা কৰা হৈছে। বিশিষ্ট ভাষাবিদ ড০ বসন্ত গোস্বামী, ড০ মালিনী গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ অভিভাৱকত্বত বহু কেইগৰাকী গৱেষকৰ সহযোগত এই কাম সম্পূৰ্ণ হৈ উঠিছে।

পঞ্চাদশ সংস্কৰণৰ সম্পাদনাৰ দায়িত্বত আছে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা। এই নতুন পৰিবৰ্ধিত আৰু পৰিশোধিত সংস্কৰণটি উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হ'ব।

হেমকোষৰ পঞ্চাদশ সংস্কৰণ উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ ড০ অমৰ জ্যোতি চৌধুৰীয়ে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু ভালে সংখ্যক বিশিষ্টলোক উপস্থিত থাকিব।

ইফালে উক্ত অনুষ্ঠানতেই উন্মোচিত হ'ব হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰি থৈ যোৱা অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰ দ্বীবিংশতি পৰিবৰ্ধিত তাঙৰণৰ ব্ৰেইল সংস্কৰণ। উল্লেখ্য যে, ইতিমধ্যে হেমকোষৰ ব্ৰেইল সংস্কৰণে বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক অভিধান হিচাপে গিনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ডচত স্থান লাভ কৰিছে।

দৃষ্টিহীনসকলৰ বাবে অসমীয়া ভাষাত কোনো ব্যাকৰণ নথকাৰ বাবে দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ অসমীয়া ভাষা সাহিত্য চৰ্চাত সুবিধা হোৱাকৈ এই ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰা হৈছে। এই অনুষ্ঠানতে কেইবাখনো বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ কেইবাখনো দৃষ্টিহীন বিদ্যালয়ক দুটা খণ্ডত প্ৰকাশিত এই ব্যাকৰণ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব।

হেমচন্দ্ৰ বৰুৱাৰ ১০ ডিচেম্বৰত ১৮৮ সংখ্যক জন্ম দিৱস। উক্ত দিনাই আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসো উদযাপন কৰা হয়। লগতে অসম আন্দোলনৰ ছহীদ সকলৰ স্মৃতিত পালন কৰা হয় ছহীদ দিৱস। এই উল্লেখযোগ্য দিনটোত হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিৱসো ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত থকা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ তলত ভাষাৰ ওজাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু সাদিন-প্ৰতিদিন গোষ্ঠীয়ে এক শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান আয়োজন কৰিছে। ১০ ডিচেম্বৰ ২০২৩ ৰ পুৱা প্ৰতিমূৰ্তিত মাল্যৰ্পন, বন্তি প্ৰজ্বলন আদিৰে এই অনুষ্ঠান অনুষ্ঠিত হ'ব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গন সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক চন্দন গোস্বামীয়ে আঁত ধৰিব লগা উক্ত অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ মনোজ ৰয়ৰ নেতৃত্বত এক প্ৰতিনিধি দলে অংশ ল'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া প্ৰমুখ্যে কৰি গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাৰ উপৰিও ভালেকেইগৰাকী অতিথি উপস্থিত থাকিব এই অনুষ্ঠানত।

হেমকোষৰ পঞ্চাদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ উন্মোচন ১০ ডিচেম্বৰত
পণ্ডিত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in