/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8ebb6017-75b3-4f75-8217-8d8a07e411ba/tyyy.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী বামুনীমৈদামৰ ৰেলৱে কলনীত থকা ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ বিদ্যালয়ৰ পৰা এইবাৰ ১০০ শতাংশ পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। বেচৰকাৰী খণ্ডৰ এই বিদ্যালয়খন দেৱানন্দ বৰুৱাই স্থাপন কৰিছিল সমাজৰ পিছপৰা শ্ৰমিক শ্ৰেণীৰ লোকৰ সতি সন্তানৰ শিক্ষাদানৰ বাবে ।
বিনামূলীয়া এই বিদ্য়ালয়খনত সমাজৰ দিন মজদুৰি কৰা , আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানৰ সুযোগ দিয়া হয়। শিক্ষক সকলেও অতি সীমিত সা-সুবিধাৰে বিদ্যালয়খনলৈ সেৱা আগবঢ়াই আহিছে।
এইবাৰ মুঠ ৮ গৰাকী শিক্ষাৰ্থী এই বিদ্যালয় খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৫ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।
Also Read: ৮ ছাত্ৰ-ছাত্ৰীৰে স্থান লাভৰ শীৰ্ষত নলবাৰী