৮ ছাত্ৰ-ছাত্ৰীৰে স্থান লাভৰ শীৰ্ষত নলবাৰী

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ ফলাফলত শীৰ্ষ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তালিকাত শীৰ্ষত আছে নলবাৰী জিলা।

author-image
Asomiya Pratidin
New Update
৮ ছাত্ৰ-ছাত্ৰীৰে স্থান লাভৰ শীৰ্ষত নলবাৰী

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ ফলাফলত শীৰ্ষ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তালিকাত শীৰ্ষত আছে নলবাৰী জিলা। জিলাখনৰ পৰা মুঠ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

আনন্দ বিদ্যা নিকেতনৰ দুই ছাত্ৰী ক্ৰমে- লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মাই ৫৯৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰোপৰি লিটিল ফ্লাৱাৰ স্কুলৰ ৰশ্মিতা মহন্তই ষষ্ঠ, ৰাজদ্বীপ কলিতাই লুইত একাডেমী হাইস্কুলৰ পৰা অষ্টম, বিপাশা শৰ্মাই আসাম একাডেমীৰ পৰা নৱম, লিটিল ফ্লাৱাৰ স্কুলৰ পৰা ঋষিকেশ কলিতাই নৱম, প্ৰজ্ঞান শৰ্মাই বিবেকানন্দ বিদ্যা নিকেতনৰ পৰা দশম স্থান লাভ কৰিছে।

ইয়াৰোপৰি কামৰূপ মহানগৰৰ পৰা ৭ গৰাকী, বৰপেটাৰ পৰা ৭ গৰাকী, লখিমপুৰৰ পৰা ৫ গৰাকী, শোণিতপুৰৰ পৰা ২ গৰাকী, নগাঁৱৰ পৰা ৪ গৰাকী, ডিব্ৰুগড়ৰ পৰা ৩ গৰাকী, দৰঙৰ পৰা এগৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ ১০ত স্থান লাভ কৰি জিলাসমূহলৈ গৌৰৱ কঢ়িয়াই আনিছে।

result nalbari hslc