ৰাধাকান্ত সন্দিকৈ ভৱন চৌহদত হেমচন্দ্ৰ বৰুৱা ভৱন আৰু দেউৰাম তাচা সংগ্ৰহালয় নিৰ্মাণৰ ঘোষণা জয়ন্ত বৰুৱাৰ

ৰাধাকান্ত সন্দিকৈ ভৱন চৌহদত হেমচন্দ্ৰ বৰুৱা ভৱন আৰু দেউৰাম তাচা সংগ্ৰহালয় নিৰ্মাণৰ ঘোষণা জয়ন্ত বৰুৱাৰ

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ যোৰহাটস্থিত মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন চৌহদত নিৰ্মাণ হ'ব ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মৃতি ভৱন। ইয়াৰ সৈতে সংযুক্ত হৈ থাকিব লগা সংগ্ৰহালয় উৎসর্গিত হ'ব দেউৰাম তাচাৰ নামত।

প্ৰায় ৫ কোটি টকাৰ এই প্ৰকল্পৰ সিংহভাগ ব্যয় কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। আজি সাহিত্য সভা ভৱন চৌহদত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেউৰাম তাচা বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত জয়ন্ত বৰুৱাই বিপুৰ কৰধ্বনিৰ মাজত এই ঘোষণা কৰে।

তেওঁ কয়, মই আজি এই ঘোষণা কৰিবলৈ পাই অতিকে পৰিতৃপ্ত। কিয়নো অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চৌহদৰ পুনৰ নিৰ্মাণ প্ৰকল্পৰ যি আৰ্হি প্ৰস্তুত কৰা হৈছে সেই আৰ্হিত সংযুক্ত হৈ আছে প্ৰেক্ষাগৃহ তথা ভৱন এটাৰ লগতে এটি সংগ্ৰহালয়। মই পৰম পৰিতৃপ্তিৰে এই কথা কও যে এই ভৱন ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নামত হওক আৰু সংযুক্ত হৈ থকা সংগ্ৰহালয়টো উৎসর্গিত হওক বৰেণ্য সাহিত্যিক দেউৰাম তাচাৰ নামত।

মই স্পষ্টভাৱে কও এই নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ দায়িত্ব হেমকোষ প্ৰকাশন তথা সাদিন-প্ৰতিদিন পৰিয়ালে আন্তৰিকতাৰে গ্ৰহণ কৰিব।

দেউৰাম তাচা বঁটা গ্ৰহণৰ উদ্দেশ্যে যোৰহাটত আজি জয়ন্ত বৰুৱা উপস্থিত হোৱাৰ লগে লগে দবা, শংখ, খোল , তাল- বাদনেৰে এক আধ্যাত্মিক পৰিৱেশত বিপুলভাৱে তেওঁক আদৰণি জনোৱা হয়।

ইয়াৰ পাছতে প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত তেওঁক বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে দেউৰাম তাচা বঁটাৰ স্মাৰক, নগদ ধনৰ টোপোলা, ফুলৰ থোপা, অংগ বস্ত্ৰ আদি আগবঢ়োৱা হয়। এই অনুষ্ঠানতে মাখন লাল বাঢ়ৈক ডিম্বেশ্বৰ তাচা বঁটা প্ৰদান কৰা হয়। সম্বৰ্ধনাত লাভ কৰা নগদ ধনৰ টোপোলা তেওঁ সাহিত্য সভাৰ নামতে দান কৰে।

বৰগীত আৰু অসম সাহিত্য সভাৰ শীৰ্ষ গীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকা, বিশিষ্ট ভাষাবিদ ড০ বসন্ত গোস্বামী, দেউৰাম তাচা আৰু ডিম্বেশ্বৰ তাচা ন্যাসৰ বিষয় ববীয়াৰ লগতে অসম সাহিত্য সভাৰ কাৰ্যকৰ্তা আৰু বহু বৰেণ্য ব্যক্তি উপস্থিত আছিল।

ৰাধাকান্ত সন্দিকৈ ভৱন চৌহদত হেমচন্দ্ৰ বৰুৱা ভৱন আৰু দেউৰাম তাচা সংগ্ৰহালয় নিৰ্মাণৰ ঘোষণা জয়ন্ত বৰুৱাৰ
ভাল খবৰঃ অতি শীঘ্ৰেই প্ৰকাশ পাব ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in