/asomiyapratidin/media/media_files/2025/03/04/QUOYcHxtVSZSKS2N4vyv.png)
কণমাণি চিম্পীক সহায় কৰক
ডিজিটেল সংবাদ, বেবেজীয়া : এজনী ৪বছৰীয়া কণমানি। নাম চিম্পী বৰদলৈ। শেতেলিখনেই তাইৰ এতিয়া লগৰী। নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ জৰাবাৰী ভাটৌবড়ি গাঁৱৰ সতীন্দ্ৰ বৰদলৈ আৰু জ্যোতি শইকীয়া কন্যা চিম্পীৰ জন্ম হৈছিল ২০১৯ চনৰ ১৪ অক্টোবৰত । মৰিগাঁও অসামৰিক চিকিৎসালয়ত জন্মৰ পাছতেই শিশুটিক আই চি ইউত ভৰ্তি কৰিব লগা হয়। তিনিদিন আই চি ইউত চিকিৎসাধীন হৈ থকা পাছত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।গুৱাহাটী মেডিকেল কলেজত তাই চিকিৎসাধীন হৈ আছিল। কিন্তু কৰ'ণা মহামাৰীৰ সেই বিভীষিকাময় পৰিস্থিতিত তাইক ঘৰলৈ স্থানান্তৰ কৰিব লগা হ'ল। এই পৰিস্থিতিত শিশুটিক ডাক্তৰৰ পৰীক্ষা কৰিব পৰা হোৱা নাছিল। সামান্য খেতি-বাতিৰে চলি থকা পৰিয়ালটোত উন্নত চিকিৎসা সম্ভৱ নাছিল। তেতিয়াৰেপৰা তাই শয্যাশায়ী হৈ থাকিব লগা হৈছে। বৰ্তমান তাইক এখন হুইল চকীৰে অংগনাবাড়ী কেন্দ্ৰলৈ নি থকা হৈছে। গুণগুণাই গানো গাব বিচৰা ছোৱালীজনীৰ ভাষাহে অস্পষ্ট। থিয় হৈ থাকিবলৈ কঁকালত জোৰ নাই। পিতৃ-মাতৃয়ে জানিব দিয়া অনুসৰি,আজি এমাহধৰি মৰিগাঁও নগৰৰ সমীপৰ বাচনাঘাটত চাউথ কোৰিয়ান প্ৰযুক্তিৰ হিট থেৰাপি দি থকাৰ পিছত তাই এতিয়া নিজে খোজ দিবলৈ চেষ্টা কৰিছে। জন্মৰ পিছৰেপৰাই তাই আচৰিত ধৰণে কন্দা কটা কৰা নাছিল। কোনো শব্দ উচ্চাৰণ কৰা নাছিল। মাতৃৰ স্তন পান কৰা নাছিল তিনিদিন। সেই তেতিয়াৰেপৰা গতিৰুদ্ধ চিম্পী। নগাঁও জিলাৰ পশ্চিমপ্ৰান্তৰ মণিপুৰটুপ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰহা বিধানসভা সমষ্টিৰ ভাটৌবড়ি সতীন্দ্ৰ বৰদলৈৰ জ্যেষ্ঠ ভাতৃৰ মাথো ছমাহ পূৰ্বে উচ্চ ৰক্তচাপ জনিত ৰোগত ভুগি মৃত্যুমুখত পৰিছিল। সামান্য খেতি-বাতিৰে জীৱন নিৰ্বাহ কৰা সতীন্দ্ৰ আৰু জ্যোতি চিম্পীক লৈ এতিয়া দিশহাৰা পৰিস্থিতি। সেয়েহে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কণমাণিজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি দুখীয়া পৰিয়ালটোৰ লগতে ভাটোবড়ি গাঁৱৰ ৰাইজে আগ্ৰহেৰে বাট চাই ৰৈছে ।