চাওলুং চ্যুকাফা বিশ্ববিদ্যালয় প্রতিষ্ঠা সম্পৰ্কত চৰাইদেউত ৰাজহুৱা সভা

চাওলুং চ্যুকাফা বিশ্ববিদ্যালয় প্রতিষ্ঠা সম্পৰ্কত চৰাইদেউত ৰাজহুৱা সভা

author-image
Asomiya Pratidin
New Update
চাওলুং চ্যুকাফা বিশ্ববিদ্যালয় প্রতিষ্ঠা সম্পৰ্কত চৰাইদেউত ৰাজহুৱা সভা

ডিজিটেল সংবাদ, মথুৰাপুৰঃ দেওবাৰে বৰলুইত একাডেমিক ট্ৰাষ্ট ফাউণ্ডচনে মথুৰাপুৰ কনিষ্ঠ মহাবিদ্যালয়ত চাওলুং চ্যুকাফা বিশ্ববিদ্যালয় প্রতিষ্ঠা সম্পৰ্কত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷ সভাত মাটি অধিগ্রহণ আৰু কাৰ্যালয় প্রতিষ্ঠা সন্দৰ্ভত আলোচনা, ফাণ্ড আৰু অন্যান্য প্রয়োজনীয় অর্থনৈতিক দিশ সম্পর্কত আলোচনাকে ধৰি ট্ৰাষ্ট মেম্বাৰ অন্তৰ্ভুক্তি আদি বিভিন্ন বিষয় বিতংকৈ আলোচনা কৰা হয় ৷

সভাখনিত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকি চৰাইদেউ জিলাত চাওলুং চ্যুকাফাৰ নামেৰে এখন উচ্চ শিক্ষানুষ্ঠান গঠন হোৱাটো এক সময়ৰ আহ্বান বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত সকলো একত্ৰিত হৈ শিক্ষানুষ্ঠানখনি গঢ়ি তোলাৰ বাবে একমত বুলি মত পোষণ কৰে।

Also Read: মহিলাৰ আকৰ্ষণীয় দিহানামেৰে মৰঙিত ব্যতিক্ৰমী অনুষ্ঠান

GOVT OF ASSAM