মহিলাৰ আকৰ্ষণীয় দিহানামেৰে মৰঙিত ব্যতিক্ৰমী অনুষ্ঠান

মহিলাৰ আকৰ্ষণীয় দিহানামত অভিভূত গোলাঘাটৰ মৰঙিৰ ৰাইজ।

author-image
Asomiya Pratidin
New Update
মহিলাৰ আকৰ্ষণীয় দিহানামেৰে মৰঙিত ব্যতিক্ৰমী অনুষ্ঠান

ডিজিটেল সংবাদ, নুমলীগড়ঃ মহিলাৰ আকৰ্ষণীয় দিহানামত অভিভূত গোলাঘাটৰ মৰঙিৰ ৰাইজ। মৰঙিত মহিলাৰ হৃদয়গ্ৰাহী ব্যতিক্ৰমী অনুষ্ঠানে আকৰ্ষণ কৰিছে স্থানীয় ৰাইজক। উল্লেখ্য যে, দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে মৰঙিৰ তেলীয়া গাওঁ বৰ নামঘৰত অনুষ্ঠিত হোৱা ৫৭৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত দিহানাম প্ৰদৰ্শন কৰি চৰ্চা লাভ কৰিছে অঞ্চলটোৰ মহিলাসকলে ৷

Advertisment

তেলীয়া গাওঁ বৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তেলীয়া গাওঁবাসী ৰাইজৰ সহযোগত উদযাপন হোৱা এই অনুষ্ঠানত পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, ভাগৱত ভ্ৰমণ, নাম প্ৰসঙ্গ আদি ধৰ্মীয় কাৰ্যসূচী হাতত লোৱা হয়। কাৰ্যসূচীৰ অন্তত দুপৰীয়া বৰগীত পৰিবেশন কৰে ।‌ এই অনুষ্ঠানতে গুৰুজনাৰ বন্দনাত ব্ৰতী হৈ পৰা মহিলাই পৰিবেশন কৰে আকৰ্ষণীয় দিহানাম।

Also Read: কাছাৰত জব্দ দুষ্প্ৰাপ্য বিদেশী বন্য জন্তু

shankardev