গুপ্তচৰৰ ৰূপত পাৰ চৰাই, জেমছ বণ্ডৰ চিনেমা নহয় বাস্তৱ জীৱনত ধৰা পৰিল আৰক্ষীৰ হাতত

গুপ্তচৰৰ ৰূপত পাৰ চৰাই, জেমছ বণ্ডৰ চিনেমা নহয় বাস্তৱ জীৱনত ধৰা পৰিল আৰক্ষীৰ হাতত

ডিজিটেল ডেস্ক : ব্ৰিটেইনৰ বিখ্যাত কাল্পনিক চৰিত্ৰ এম আই ৬ এজেন্ট জেমছ বণ্ডৰ বিষয়ে হয়তো পঢ়ুৱৈ আৰু চিনেমাপ্ৰেমী সকলো ৰাইজেই জ্ঞাত । কিদৰে নিতৌ নতুন কলা কৌশলেৰে প্ৰতিপক্ষৰ চকুত ধূলি দি মৃত্যুৰ সৈতে খেলা কৰিছিল বৃটিছ গুপ্তচৰ বণ্ডে । প্ৰত্যেকখন উপন্যাস অথবা চিনেমাত ব্যৱহাৰ কৰা হৈছিল বেলেগ বেলেগ যন্ত্ৰ, তথ্য-প্ৰযুক্তি যি ইয়াৰ পূৰ্বে কোনেও কাহানিও কল্পনা কৰা নাছিল ।

সেই জেমছ বণ্ডৰ দৰেই এক অনুৰূপ ঘটনা সংঘটিত হ'ল ভাৰতৰে ওড়িষাত । ওড়িষাৰ সমুদ্ৰ তীৰত মাছমৰীয়াসকলে কৰায়ত্ত কৰে এটা পাৰ চৰাইক । কিন্তু আন কোনো সাধাৰণ চৰাইৰ দৰে নাছিল এই পাৰ চৰাইটো । পাৰ চৰাইটোৰ ঠেঙত বন্ধা আছিল এটা সৰু কেমেৰা আৰু মাইক্ৰ'চিপ । পাৰ চৰাইটোৰ ঠেঙত কেমেৰা আৰু মাইক''চিপ দেখি মাছমৰীয়াসকলৰ সন্দেহ হোৱাত সীমান্তৱৰ্তী জল আৰক্ষীক পাৰ চৰাইটো গতাই দিয়া হয় ।

আনহাতে, ওড়িষা আৰক্ষীয়েও প্ৰথমে পশু চিকিৎসকৰ জৰিয়তে পাৰ চৰাইটো পৰীক্ষা কৰাৰ পাছত আৰম্ভ কৰিছে তদন্ত । আনহাতে, চৰাইটোৰ ঠেঙত এক অচিনাকী লিপিত কোনো সংকেত লিখা থকা বুলিও উল্লেখ কৰিছে আৰক্ষীয়ে ।

এতিয়া প্ৰশ্ন হয়, কোনো দুষ্কাৰ্যমূলক কাৰ্যৰ বাবে পাৰ চৰাইটোক ব্যৱহাৰ কৰা হৈছিল নেকি ? উল্লেখ্য যে, ভাৰতত আৰক্ষী প্ৰশাসনৰ অনুমতি নোলোৱাকৈ ড্ৰ'ন চলোৱা বহু অঞ্চলত নিষেধ । তেনেস্থলত পাৰ চৰাই এটিক তেনে একে কামৰ বাবেই ব্যৱহাৰ কৰিলেও কোনেও সন্দেহ নকৰিব । সেই বাবেই হয়তো ব্যৱহাৰ কৰা হৈছিল চৰাইটিক ।

গুপ্তচৰৰ ৰূপত পাৰ চৰাই, জেমছ বণ্ডৰ চিনেমা নহয় বাস্তৱ জীৱনত ধৰা পৰিল আৰক্ষীৰ হাতত
কুৰুৱাবাহীৰ গ্ৰামাঞ্চলত নিৰৱে শিল্পকৰ্মত ব্যস্ত তিনিগৰাকী কাৰুশিল্পী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in