গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ,চাবুৱা : গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে গৰু চোৰক পুলিচে এৰি দিয়াৰ অভিযোগ তুলি থানাৰ সমীপত শশ লোক উপস্থিত হৈ পৰিৱেশ উত্তাল কৰি তোলে।

Advertisment

উল্লেখ্য যে মঙলবাৰে নিশা ৰহমৰীয়া অঞ্চলত কেইবাজনো লোকে গৰু চুৰি কৰি থকা অৱস্থাত ৰহমৰীয়া আৰক্ষীয়ে হাতে লোটে ধৰা পেলাইছিল ধৃত চোৰ কেইজনক। কিন্তু আৰক্ষীয়ে মাত্ৰ এজনক আটক কৰি বাকী কেইজনক এৰি দিয়াত ক্ষুব্ধ হৈ পৰে অঞ্চলবাসী।

ক্ষুব্ধ ৰাইজে ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ সময়সীমা বান্ধি দিছে আৰক্ষীক। অন্যথা প্ৰতিদিনে থানা ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে অঞ্চলবাসী ৰাইজে।

Also Read: উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল উচ্চ বৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰী

chabua Assam police