/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/uj4mxlr0/WEB GOALPARA.png)
ডিজিটেল সংবাদ,গোৱালপাৰা : মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযানত জালত পৰিল গোৱালপাৰাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী। বুধবাৰে চলোৱা এক অভিযানত জালত পৰা কৰ্মচাৰীগৰাকী হ'ল গোৱালপাৰাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/eyx9r4sk/3a6a7d34-22fd-4013-b95d-76bbcfdce887.jpg)
জানিব পৰা মতে অভিযানকাৰী দলটোৱে কাৰ্যালয়টোত এতিয়াও অভিযান চলাই আছে । অভিযোগ অনুসৰি লোক এজনৰ পৰা ছ'চাইটি পঞ্জীয়নৰ নামত ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/sr6k9a7w/81c4e986-7199-4b6e-a14f-2088f6f289a1.jpg)
ইয়াৰ অংশ হিচাপে আজি ১০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে ঘোচখোৰ কৰ্মচাৰীগৰাকী। অভিযানৰ অন্তত কৰ্মচাৰীগৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ নিয়াৰ সম্ভাৱনা আছে।
Also Read: স্মাৰ্ট মিটাৰ বহুৱাই শোষণ চলাইছে বিজেপি চৰকাৰে : সাংসদ গৌৰৱ গগৈ