হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত বিধায়কৰ পৰ্যালোচনা সভা

হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত বিধায়কৰ পৰ্যালোচনা সভা

ডিজিটেল সংবাদ, হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩৫ খন পঞ্চায়তৰ কাম-কাজ আৰু উন্নয়ন সম্পৰ্কে হাটশিঙিমাৰীত বুধবাৰে অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা । পঞ্চায়ত আৰু গ্ৰাম্য  উন্নয়ন বিভাগৰ অধীনত থকা বিষয়া, কৰ্মচাৰী, সচিব আৰু জিলা প্ৰশাসনৰ সৈতে অনুষ্ঠিত হৈছে এই পৰ্যালোচনা সভা ।

পৰ্যালোচনা সভাত উপস্থিত হৈছে মানকাচৰৰ বিধায়ক সহ ৫ জনীয়া বিধায়কৰ দল ।বিধায়ক কেইজন ক্ৰমে ১১৫ নং মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ,  ৬ নং হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, ২১ নং মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, ৩৯ নং জলেশ্বৰ সমষ্টিৰ বিধায়ক অৱতাব উদ্দীন মোল্লা, ৩৭ নং  গোৱালপাৰা পূব সমষ্টিৰ এ কে ৰচিদ আলম । সভাখনত জিলা উপায়ুক্ত, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, জিলা পৰিষদৰ সভানেত্ৰী , জিলা আৰক্ষী অধীক্ষক উপস্থিত থাকে ।

ইয়াৰ সৈতেই গঠন কৰা হয় এক বিধানসভাৰ স্থানীয় পুঁজি পৰ্যালোচনা সমিতি ।সমিতিৰ খনৰ অধ্যক্ষ হৈছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ । বিধানসভাৰ স্থানীয় পুঁজি পৰ্যালোচনা সমিতিৰ ৫ জনীয়া দলটিয়ে পানকাটা গাঁও পঞ্চায়তত গৈ কামৰ খতিয়ান সম্পৰ্কে বুজ লয় । ইয়াৰ পাচতহে আৰম্ভ কৰা হয় পৰ্যালোচনা সভাখন ।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সৈতে পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ পাছত পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে হ'ব পৰ্যালোচনা সভা ।জিলাখনৰ পঞ্চায়ত সমূহক চৰকাৰে আৱন্টন দিয়া ধনৰ সুব্যৱহাৰ হৈছে নে নাই সেইয়া পৰ্যবেক্ষণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে এই সমিতি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in