আজি ঘোষণা কৰিব স্বাস্থ্য বিভাগৰ ফলাফল

প্ৰাৰ্থীসকলে www.dhs.assam.gov.in ৱেবছাইটযোগে তেওঁলোকৰ নিজৰ নিজৰ ফলাফলসমূহ চাব পাৰিব
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্কঃ শনিবাৰে ঘোষণা কৰিব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ ফলাফল। যোৱা ১২ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিব বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে।

প্ৰাৰ্থীসকলে www.dhs.assam.gov.in ৱেবছাইটযোগে তেওঁলোকৰ নিজৰ নিজৰ ফলাফলসমূহ চাব পাৰিব। উল্লেখ্য যে অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ে যোৱা ১২ ফেব্ৰুৱাৰীত মুঠ ১১৯২টা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল।

উল্লেখ্য যে অসম স্বাস্থ্য সেৱা সঞ্চালকালয়, অসম চিকিৎসা শিক্ষা সঞ্চালকালয়, আৰু আয়ুষ সঞ্চালকালয়ৰ প্ৰতিষ্ঠানৰ অধীনত চতুৰ্থ বৰ্গৰ উল্লেখিত পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।

প্ৰতিনিধিত্বমূলক ফটো
যুৱতীক প্ৰহাৰ কৰা ৱেৱ পৰ্টেলৰ সাংবাদিকসহ আন এজন আটক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in