যুৱতীক প্ৰহাৰ কৰা ৱেৱ পৰ্টেলৰ সাংবাদিকসহ আন এজন আটক...

বাক্সাৰ দোমনিঘাটত যুৱতীক প্রহাৰ কৰা দুই যুৱকক আটক কৰে আৰক্ষীয়ে। শনিবাৰে গোৱৰ্দ্ধনা আৰক্ষীয়ে আটক কৰে দুই উদণ্ড যুৱকক।

author-image
Asomiya Pratidin
New Update
যুৱতীক প্ৰহাৰ কৰা ৱেৱ পৰ্টেলৰ সাংবাদিকসহ আন এজন আটক...

ডিজিটেল ডেস্কঃ বাক্সাৰ দোমনিঘাটত যুৱতীক প্রহাৰ কৰা দুই যুৱকক আটক কৰে আৰক্ষীয়ে। শনিবাৰে গোৱৰ্দ্ধনা আৰক্ষীয়ে আটক কৰে দুই উদণ্ড যুৱকক। ধৃত যুৱকদ্বয় মইনাল হক আৰু বুলবুল। মইনাল হক এটা ৱেব প’টেলৰ সাংবাদিক।

Advertisment

উল্লেখ্য যে, ২৮ এপ্ৰিলত এগৰাকী যুৱতীক প্ৰহাৰ কৰাৰ ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।এদল উদণ্ড যুৱকে উপৰ্যুপৰি প্রহাৰ কৰিছিল যুৱতীগৰাকীক। ঘটনাটোৰ বিষেয় সৱিশেষ তথ্য প্ৰকাশ প্ৰকাশ পোৱা নাছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান চলাই শনিবাৰে আটক কৰে দুই যুৱকক। আনহাতে অন্য লোক সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ৰাজ্যত প্ৰায়েই মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱা দেখা যায়। কিছুদিন পূৰ্বেও বৰপেটাৰ পৰা এটা ঘটনা পোহৰলৈ আহিছিল য'ত দুগৰাকী যুৱতীক একাংশ লোকে অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিছিল।

Also Read: নৃশংস! বাক্সাত এগৰাকী যুৱতীক উপৰ্যুপৰি প্ৰহাৰ একাংশ লোকৰ

Assam police