শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ সৌজন্যত স্বাস্থ্য মেলা

চকু,হোমিঅ’,আয়ুৰ্বেদিক আৰু শিশু ৰোগকে ধৰি ৯ টা ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত মুঠ ২০৯ জন ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়
শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ সৌজন্যত স্বাস্থ্য মেলা

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ সৌজন্যত আৰু কমাবন্ধাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যােগত শুকুৰবাৰে আঠখেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত স্বাস্থ্য মেলা অনুষ্ঠিত হৈ যায় ৷ পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১:৩০ বজালৈ অনুষ্ঠিত হয় স্বাস্থ্য মেলা।

স্বাস্থ্য মেলাত স্ত্ৰী ৰোগ,মেডিচিন,চৰ্মৰোগ,নাক-কাণ-ডিঙি,দন্ত,চকু,হোমিঅ’,আয়ুৰ্বেদিক আৰু শিশু ৰোগকে ধৰি ৯ টা ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত মুঠ ২০৯ জন ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ বিশেষ স্বাস্থ্য মেলাৰ দ্বাৰ উন্মোচন কৰে গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ৰণজিৎ ভূঞাই ৷

আঠখেলীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ লুটফুৰ ৰহমান,কৰ্মসূচী প্ৰবন্ধক উৎপল পৰ্ণা হাজৰিকা তত্বাৱধানত অনুষ্ঠিত হোৱা স্বাস্থ্য মেলাত জিলা স্বাস্থ্য বিভাগৰ ভালেকেইজন বিশেষজ্ঞ চিকিৎসক-কৰ্মচাৰী,আশা কৰ্মীয়ে বিশেষ স্বাস্থ্য মেলাত সেৱা আগবঢ়াই ৷

স্বাস্থ্য মেলাত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড সংলগ্ন ম’বাইল নম্বৰ লৈ যোৱা ৰোগীৰ পৰিয়ালক আয়ুস্মান কাৰ্ডৰ সুবিধা প্ৰদান কৰা হয় ৷ নামঘৰৰ কৰ্ণধাৰ সমিতিৰ এনে পদক্ষেপক ৰাইজে প্ৰশংসা কৰে ৷

শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ সৌজন্যত স্বাস্থ্য মেলা
চৰাইদেউত বিশ্ব যক্ষ্মা দিৱস পালন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in