/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/72e2eeae-4fcb-4363-8c43-f92350737e89/z13.jpg)
ডিজিটেল সংবাদ, ঘিলাধাৰী: যোৰহাট জিলা স্বাস্থ্য বিভাগৰ অধীনৰ বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰত শনিবাৰৰ পৰা সাপ্তাহিক স্বাস্থ্য মেলা অনুষ্ঠিত হয়৷ পুৱা মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ ৰূপাঞ্জলী ফুকন আৰু বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰ উপ-অধীক্ষক ডাঃ সৌৰভজ্যােতি বৰাই বন্তি প্ৰজ্বলন কৰা পিছতে স্বাস্থ্য মেলা উদ্বোধন কৰে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই৷ তাৰ পিছতে সংশ্লিষ্ট চিকিৎসালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়৷
সভাত অৱসপ্ৰাপ্ত শিক্ষক তথা বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ জন আৰোগ্য সমিতিৰ সভাপতি ব্ৰজেন নেঁওগ, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, বৰহোলা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিভা বৰা, সাংবাদিক কুমুদ বৰা উপস্থিত থাকে৷ সভা আঁত ধৰে তিতাবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনিৰ প্ৰবন্ধক অজয় কুমাৰ বৰাই৷
বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহঃ গাণনিক ও সহঃ আঁচনি প্ৰবন্ধক বিষয়া চম্পক কুমাৰ গগৈৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্যমেলাত তিতাবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৰ্ম ৰোগৰ চিকিৎসক ডাঃ পৰিমল্লিকা বৰুৱা, ডাঃ ধ্ৰুৱজ্যোতি বৰা, তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ শিশু ৰোগ চিকিৎসক ডাঃ বিপুল কুৰ্মী, চকু ৰোগ বিশেষজ্ঞ ডাঃ বৰ্ণালী বৰা কুলি, স্ত্ৰীৰোগৰ চিকিৎসক ডাঃ তাইনী নাথ উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়োৱা লগতে বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰী সকলে ৰোগীক সেৱা আগবঢ়াই৷ স্বাস্থ্য মেলাত বৰ্তমানলৈকে দুই শতাধিকৰো অধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰে৷
Also Read: এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..