/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e10763ec-e6c4-4450-8ec9-6224b41f084e/35.jpg)
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাজিৰহাট সমবায় সমিতিত বিনা প্ৰতিদ্বন্বিতাৰে জয়ী হোৱা প্ৰাৰ্থী কেইজনক শনিবাৰে আনুষ্ঠানিকভাৱে জয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে হাজিৰহাট সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ বাবে মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল।
ইয়াৰে ১২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাচত শনিবাৰে ১৫ গৰাকী প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্বিতাত জয়ী বুলি ঘোষণা কৰা হয়। বিনা প্ৰতিদ্বন্বিতাত জয়ী হোৱা প্ৰাৰ্থী কেইজন ক্ৰমে- আজিজুল হক, আব্দুছ ছালাম আহমেদ, ইছমত আলী সেখ, ইমান আলী, ছামিনা খাতুন, জাহাংগীৰ আকন্দ, নুৰুল আমিন আৰু মোঃ নুৰুল ইছলাম কাজী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f60ce6eb-f5e9-412e-9cd9-ceec9c40f48d/a80b7c2a_e783_467f_a06b_d86fcc6d71c8.jpg)
আনহাতে নিৰ্বাচিত হোৱা ৪ গৰাকী সবল প্ৰাৰ্থী ক্ৰমে- আঃ কাদেৰ, আব্দুল সহিদ আকন্দ, ছেকেন্দাৰ আলী আৰু তালেব আলী। একেদৰে মহিলা সংৰক্ষিত আসনৰ বাবে জয়ী হোৱা দুগৰাকী প্ৰাৰ্থী ক্ৰমে আকন্দ ৰাজেদা খাতুন আৰু বেগম ৰাবেয়া খাতুন।
তদুপৰি অনুসূচীত জাতি, জনজাতি সংৰক্ষিত আসনৰ বাবে বাবুৰাম দাস বিনা প্ৰতিদ্বন্বিতাত জয়ী হৈছে। আজি পুৱা ১০ বজাত অংশীদাৰসকলক লৈ পূৰ্বৰ সমিতিয়ে সাধাৰণ সভাৰ জৰিয়তে হিচাপ নিকাচ কৰাৰ পাচত দুপৰীয়া প্ৰায় ১ বজাত বিনা প্ৰতিদ্বন্বিতাত জয়ী হোৱা প্ৰাৰ্থী কেইজনক জয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
Also Read: প্ৰায় ২ বছৰে সন্ধান নাই কামপুৰৰ দুই যুৱকৰ : আলৈ-আথানি পৰিয়ালৰ