/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a8fd83e9-e4aa-4efb-bb82-0bdad7b77e4e/11.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ তিৱা মাথনলাই তখ্ৰা ( সাহিত্য সভা)ৰ উদ্যোগত পশ্চিম কাৰ্বি আংলং জিলাৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰ আমৰি প্ৰাথমিক বিদ্যালয়ত আজি ১৩ মাৰ্চ তাৰিখে অনুষ্ঠিত হয় “ চিগাইছা চিগাইছাজ ৰাৱে ফাৰি” শীৰ্ষক এক ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান।
উক্ত অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলে তিৱা কবিতা পাঠ, তিৱা গীত পৰিৱেশন কৰে। অনুষ্ঠানত উপস্থিত থাকে তখ্ৰা কাৰ্বি আংলং জিলাৰ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক জনাৰ্দন পাটৰ মচৰং, তখ্ৰা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিজয়চিং মাচলাই, তখ্ৰা জিলা মুখপত্ৰ সম্পাদক হকচিং চমজল, তখ্ৰা জিলা সমিতিৰ ৰঞ্জিত আমচং, ফাৰেও নিউজৰ সম্পাদক অজয় পাটৰ, বৰ আমৰি পৰাম্পৰাগত ৰজা মহেন চমজল, ল’ৰ দীপৰ খাজাৰ, দলৈ ৰাজেন খলাৰ, চাংদলৈ ফুনাচিং চমজল, সুৰুমাবাৰ’ ৰুইচিং অমচঙৰ লগতে গাঁওৰ অন্যান্য লোক আৰু ছাত্ৰ ছাত্ৰী সকল।
জানিব পৰা মতে তখ্ৰা কাৰ্বি আংলং জিলা সমিতিৰ দ্বাৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। নতুন শিক্ষা নীতি ২০২০ৰ আধাৰত অসম চৰকাৰৰ যি মাধ্যম প্ৰদান বিষয়ৰ লগত সংগতি ৰাখি তখ্ৰা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতি সমূহৰ সহযোগত উক্ত অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। আগন্তুক মাধ্যম লাভ কৰিবলগীয়া পাহাৰীয়া জিলা দুখনৰ তিৱা অধ্যুষিত অঞ্চলৰ বিভিন্ন বিদ্যালয় সমূহত এনে অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক তথা গাওঁবাসীৰ মাজত সজাগতা সৃষ্টি কৰাৰ এক পৰিকল্পনা হাতত লোৱা বুলি জানিব পৰা গৈছে।
Also Read: নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব বৃক্ক দিৱস উদযাপন