নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব বৃক্ক দিৱস উদযাপন

নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব বৃক্ক দিৱস উদযাপন

ডিজিটেল সংবাদ, মেঘালয়ঃ বিশ্ব বৃক্ক দিৱস উপলক্ষে বেচৰকাৰী সামাজিক সংস্থা নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীস্থিত ইউনিভাৰ্চিটি অফ চাইঞ্চ এণ্ড টেকন'ল'জিৰ সমাজ কৰ্ম বিভাগ আৰু ইউএইচএএত বৃক্কৰ স্বাস্থ্যৰ গুৰুত্ব আৰু বৃক্কৰ ৰোগ প্ৰতিৰোধৰ লগতে ব্যৱস্থাপনা সম্পৰ্কে সজাগতা বৃদ্ধিৰ ওপৰত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে।

বিশ্ব বৃক্ক দিৱস হৈছে বৃক্কৰ স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী বৃক্কৰ ৰোগ আৰু ইয়াৰ সৈতে সম্পৰ্কিত স্বাস্থ্য সমস্যাৰ প্ৰভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে এক বিশ্বব্যাপী সজাগতা অভিযান। ইয়াক প্ৰতি বছৰে মাৰ্চৰ দ্বিতীয় বৃহস্পতিবাৰে উদযাপন কৰা হয় আৰু ই হৈছে ইণ্টাৰনেচনেল চছাইটি অফ নেফ্ৰোলজী আৰু ইণ্টাৰনেচনেল ফেডাৰেচন অফ কিডনী ফাউণ্ডেশ্যনৰ এক যুটীয়া পদক্ষেপ। বিশ্ব বৃক্ক দিৱসৰ যুটীয়া পৰিচালনা সমিতিয়ে "সকলোৰে বাবে বৃক্কৰ স্বাস্থ্য – যত্ন আৰু অনুকূল ঔষধ অনুশীলনৰ বাবে ন্যায়সঙ্গত প্ৰৱেশাধিকাৰ আগবঢ়োৱা"টো ২০২৪ বৰ্ষৰ বিষয়বস্তু হিচাপে ঘোষণা কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বৃক্কৰ ৰোগে বিশ্বব্যাপী লাখ লাখ লোকক প্ৰভাৱিত কৰে, দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ (Chronic kidney disease) হৈছে জনস্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ চিন্তা। বৃক্ক ৰোগৰ প্ৰগতি প্ৰতিহত কৰা আৰু সম্পৰ্কিত জটিলতা হ্ৰাস কৰাত আগতীয়াকৈ চিনাক্তকৰণ আৰু হস্তক্ষেপ অতি গুৰুত্বপূৰ্ণ। এই বছৰৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি Narayana Superspeciality Hospital ৰ পৰা অহা বিশিষ্ট বক্তা নেফ্ৰোলজি পৰামৰ্শদাতা ডাঃ অৰুণিমা মহন্ত (এমডি, ডিএম) ই বিভিন্ন পদক্ষেপ আৰু অনুষ্ঠানৰ জৰিয়তে, বিশ্ব বৃক্ক দিৱসৰ উদ্দেশ্যৰে ব্যক্তিসকলক বৃক্কৰ ৰোগৰ সৈতে সম্পৰ্কিত বিপদাশংকাৰ কাৰকবোৰৰ বিষয়ে শিক্ষিত কৰা, স্বাস্থ্যকৰ জীৱনশৈলী বৃদ্ধি কৰা, নিয়মীয়া স্ক্ৰীণিং কৰাৰ বাবে উদগনি দিয়ে আৰু বৃক্কৰ স্বাস্থ্যৰ দিশত সক্ৰিয় পদক্ষেপ লোৱাৰ বাবে অনুষ্ঠানত উপস্থিত সকলোকে আহ্বান জনায়৷

উক্ত অনুষ্ঠানত ইউনিভাৰ্চিটি অফ চাইঞ্চ এণ্ড টেকন'ল'জিৰ উপাচাৰ্য জি ডি শৰ্মা, উপদেষ্টা আৰ কে শৰ্মা, নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ সভানেত্ৰী সুকন্যা হাতীমূৰীয়া, সংস্হাটোৰ সদস্যা ক্ৰমে নমিতা কলিতা, নন্দিনী কোৰ, ৰমা দাস আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব বৃক্ক দিৱস উদযাপন
ইউপিপিএল দলৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in