ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশন...

ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশন...

author-image
Asomiya Pratidin
New Update
ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ চূণপোৰা অঞ্চলত থকা থলুৱা জাতি-জনগোষ্ঠীসমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথাৰত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি কৰা হৈছে।

Advertisment

ভাতৃত্ববোধ, স্নেহৰ বান্ধোন, একতাৰ এনাজৰীৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি বিগত বৰ্ষৰ দৰে এইবাৰো অহা ৬ মে'ত এদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বকলীয়াঘাটৰ সমীপৰ ১ নং উদালি যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে ।

ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি পৰিচালনা কৰাৰ বাবে প্ৰসেন ৰাজবংশীক সভাপতি, চক্ৰধৰ কলিতাক উপ-সভাপতি আৰু অপূৰ্ব দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সদস্য-সদস্যাৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনৰ পৰিচালনা সমিতিখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে ।

সেয়েহে এই পঞ্চম বাৰ্ষিক অধিৱেশনখন সকলো ফালৰ পৰা সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতাৰ কামনা কৰিছে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে ।

Also Read: হাতীগাঁও আৰক্ষীৰ জালত ৯জন চাইবাৰ অপৰাধী

hauraghat