/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল ডেস্কঃ হাতীগাঁও আৰক্ষীৰ জালত পৰিছে চাইবাৰ অপৰাধী। ভেটাপাৰাৰ পৰা আটক কৰিছে ৯জনকৈ চাইবাৰ অপৰাধী। ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ আৰবানিকা হ'মষ্টেৰ পৰা আটক কৰা হৈছে অপৰাধী কেইজনক।
জানিব পৰা মতে ১০এপ্ৰিল পৰা হ'মষ্টেটোৰ তিনিটা কোঠালী ভাৰা লৈ আছিল লোক কেইজন। ৯জন লোকৰ ৪জন পশ্চিমবংগৰ আৰু ৫জন অসমৰে বুলি জানিব পৰা হৈছে। পশ্চিমবঙ্গৰ ব্যক্তি কেইজনৰ নামত ভাৰা লৈছিল তিনিটাকৈ কোঠা। পশ্চিম বংগৰ ব্যক্তি কেইজনৰ নাম ৰূপম গোস্বামী, দীপক সিং, ফিৰোজ খান আৰু শ্লোক কুমাৰ।
উল্লেখযোগ্য যে পশ্চিমবঙ্গৰ পৰা অহা চাৰিজন ব্যক্তিয়ে অসমত চাইবাৰ অপৰাধৰ এক জাল প্ৰস্তুত কৰি অসমৰ কেইবাজনো লোকক জালত পেলাইছিল। সাধাৰণ মানুহৰ পৰা বেংকৰ কাৰেন্ট একাউন্ট সংগ্ৰহ কৰি প্ৰবঞ্চনাৰে টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যে আক্ষীয়ে লোককেইজনৰ পৰা লেপটপ,মোবাইল আৰু আপত্তি জনক নথি পত্ৰ জব্দ কৰিছে।
Also Read: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সবিশেষ...