/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5f6bef49-e0b7-4adc-888d-09180cb4b8e1/14.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ লাংহিনৰ ধূপগুৰিত শনিবাৰে আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বমল দৈমাৰী বাহাগী(বংশৰ) সন্মিলনৰ দেওবাৰে সফল সামৰণি পৰিছে। দৈমাৰী বংশৰ সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণিৰ দিনা এখন মুকলি সভা অনুষ্ঠিত কৰা হয় । এই সভাত সভাপতিত্ব কৰে কিশোৰ দৈমাৰীয়ে । সভাত দৈমাৰী বংশৰ ৰাজ্যখনৰ গোলাঘাট, কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ , কোকৰাঝাৰ, গোৱালপাৰা, মেঘালয় আদিৰ পৰা কেইবাখনো জিলাৰ পৰা অহা পাঁচ শতাধিক দৈমাৰী বংশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b444f68a-3113-4cd2-a032-0bcd9acd64df/b25ab484_9d69_4efc_a019_d6bb845212bd.jpg)
উল্লেখযোগ্য যে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি সামগ্ৰীক দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত এই দৈমাৰী বংশৰ সন্মিলনৰ জৰিয়তে সহায় সহযোগ কৰি পিছ পৰি থকাজনক আগুৱাই নিয়াৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়েই এই বংশৰ সন্মিলন অনুষ্ঠিত কৰা হয় বুলি সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে । আগন্তুক দৈমাৰী বংশৰ সন্মিলনখন গোৱালপাৰা জিলাত অনুষ্ঠিত কৰা হ'ব বুলি জনায় । সভাত পৰবৰ্তী কাৰ্যকালৰ বাবে পুৰণি সমিতিখন ভংগ কৰি পুনৰ অক্ষয় কুমাৰ দৈমাৰীক সভাপতি আৰু পবিত্ৰব্ৰত দৈমাৰীক সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয় ।
Also Read: টিহুত সাহিত্য দিৱস পালন