/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5ca908dd-4d0b-4aae-9892-3abd27864e2c/AP_FOR_WEB_khilguti.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰৰ মাজতে হাজোত অঘটন। হাজোৰ বামুন্দীস্থিত হাতীমূৰা পাহাৰৰ পৰা খহি পৰিল এটা প্ৰকাণ্ড শিল।
পাহাৰৰ পৰা খহি পৰা শিলটো পৰিলগৈ মনু ৰাজবংশী নামৰ লোকজনৰ বাসগৃহত। ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে মুঠ ৩ জনকৈ লোক।
আহতসকলৰ ভিতৰত আছে ঘৰটোৰ গৰাকী মনু ৰাজবংশী, চন্দনা ৰাজবংশী আৰু ৰূপজ্যোতি ৰাজবংশী। আহত তিনিওকে হাস্পতালত ভৰ্তি।
ইফালে পাহাৰৰ পৰা খহি পৰা শিলটোৰ ফলত মনু ৰাজবংশীৰ ঘৰটোৰো বহু ক্ষতি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us