/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7d531bfb-f81b-4c41-b30b-d0a04245f1d2/MANIPUR_16.jpg)
পুনৰ জ্বলিছে ইম্ফলঃ খবৰ নাই প্ৰধানমন্ত্ৰীৰ...
ডিজিটেল ডেস্কঃ পুনৰ অশান্ত মণিপুৰ। পুনৰ মণিপুৰত জ্বলিছে ঘৰ। মণিপুৰৰ ৰাজধানী ইম্ফলত জুইৰ লেলিহান শিখাই আবৰি ধৰিছে কাৰোবাৰ সপোনৰ বাসগৃহ।
তাৰ পাছতো হিংসা নিয়ন্ত্ৰণৰ বাবে নাই কোনো ফলপ্ৰসু পদক্ষেপ। বৃহস্পতিবাৰে পুনৰ ইম্ফলত জাৰি কৰা হৈছে কাৰ্ফিউ। কাৰ্ফিউৰ মাজতে নিৰাপত্তাবাহিনীৰ সৈতে দুষ্কৃতিকাৰীৰ সংঘৰ্ষ।
এই সংঘৰ্ষৰ ফলতে জ্বলাই দিয়া হ’ল বহু কেইটা বাসগৃহ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে কন্দোৱা গেছ প্ৰয়োগ কৰে।
উল্লেখ্য যে তাৰ পূৰ্বে বুধবাৰে কাংপোকপি জিলাৰ খামলেক গাঁৱত দুই পক্ষৰ গুলীয়াগুলীত ১১ জনকৈ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল। আহত হছিল আন ১৫ জন।
সেই উত্তেজনা মাৰ নৌযাওতেই এইবাৰ ইম্ফলত পুনৰ আৰম্ভ হ'ল হিংসা। জানিব পৰা মতে ইম্ফলৰ নিউচিকল অঞ্চলত দুষ্কৃতিকাৰীয়ে হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰিছে। আৰক্ষীয়ে চেষ্টা কৰিছে যদিও শান্তি প্ৰতিষ্ঠাত সফল হোৱা নাই।
উল্লেখ্য যে, কুকি আৰু মেইতেই সকলৰ মাজৰ সংঘৰ্ষত বিগত ১ মাহতকৈ অধিক সময় জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হৈছে মণিপুৰ। মেইতেইসকলক জনজাতী মৰ্যাদা প্ৰদান কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে কুকি ছাত্ৰ সংগঠনে ৩ মে'ত বাহিৰ কৰা এক প্ৰতিবাদী সমদলৰ পৰা সৃষ্টি হোৱা এই হিংসাত্মক পৰিস্থিতিয়ে মণিপুৰক এফালৰ পৰা শেষ কৰি নিছে।
গৃহমন্ত্ৰী অমিত শ্বাহে ৩ দিন মণিপুৰ ভ্ৰমণলৈ আহি শান্তি প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল যদিও সেই চেষ্টা ব্যৰ্থ হৈছে । ইফালে মণিপুৰ সম্পৰ্কত এতিয়াও মুখ খোলা নাই প্ৰধানমন্ত্ৰীয়ে।
বিৰোধীয়ে দাবী কৰিছে বিজেপি শাসিত মণিপুৰত শীঘ্ৰেই ৰাষ্ট্ৰপতিৰ শাসন প্ৰদান কৰক। ৰাজ্যখনত হিংসাত্মক ঘটনা হ্ৰাস হোৱাৰ পৰিৱৰ্তি বৃদ্ধি হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, প্ৰাণৰ মমতাত মণিপুৰ আৰক্ষীৰ চাকৰি ত্যাগ কৰিবলৈ বিচাৰিছে হাজাৰ হাজাৰ লোকে।
Also Read: নীপকোৱে এৰিছে ৬ খনকৈ গেটৰ পানীঃ কপিলীপৰীয়াক সাৱধান বাণী প্ৰশাসনৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us