হাতীগাঁওৰ অগ্নিকাণ্ডত জাহ গ'ল ১০০ ৰো অধিক বাসগৃহ, লাখ লাখ টকাৰ সম্পত্তি ক্ষতি

বৃহস্পতিবাৰে নিশা হাতীগাঁও চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত জাহ গ’ল ১০০ ৰো অধিক পৰিয়ালৰ বাসগৃহ।
হাতীগাঁওৰ অগ্নিকাণ্ডত জাহ গ'ল ১০০ ৰো অধিক বাসগৃহ, লাখ লাখ টকাৰ সম্পত্তি ক্ষতি

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে নিশা হাতীগাঁও চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত জাহ গ’ল ১০০ ৰো অধিক পৰিয়ালৰ বাসগৃহ।

ৰিজুৱান আলী নামৰ এগৰাকী লোকৰ চৌহদৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। ৰিজুৱান আলীৰ ভাৰাঘৰত সংঘটিত হয় অগ্নিকাণ্ড।

অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ১৫ খনৰো অধিক বাহনৰ চেষ্টাতহে জুই নিৰ্বাপন হয়। প্ৰায় ৪ ঘণ্টীয়া প্রচেষ্টাৰ অন্তত নিৰ্বাপন হয় জুই।

অগ্নিকাণ্ডত ৬ টাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ হয়। যাৰ ফলত জুইয়ে আগুৰি ধৰে সমগ্ৰ অঞ্চলটো। জুইত জাহ যায় এখন চাৰিচকীয়া বাহনো।

বিগত ১০ বছৰে উক্ত স্থানত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালসমূহ। গৃহহীন হোৱাৰ পাছতেই হাতীগাঁও চাৰিআলিৰ জামে মছজিদত আশ্রয় লয় পৰিয়ালকেইটাই। এই অগ্নিকাণ্ডৰ ফলত লাখ লাখ টকাৰ সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন হয়।

হাতীগাঁওৰ অগ্নিকাণ্ডত জাহ গ'ল ১০০ ৰো অধিক বাসগৃহ, লাখ লাখ টকাৰ সম্পত্তি ক্ষতি
উত্তপ্ত নাগালেণ্ড: নিৰ্বাচনী প্ৰাৰ্থীলৈ বুলি দুৰ্বৃত্তৰ গুলীচালনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in