কাৰ চক্ৰান্তত বন্ধ হৈছে হাটশিঙিমাৰী-ধুবুৰী জাহাজ সেৱা ?

কাৰ চক্ৰান্তত বন্ধ হৈছে হাটশিঙিমাৰী-ধুবুৰী জাহাজ সেৱা ?

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ দীৰ্ঘ বিৰতিৰ পাচত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই যোৱা প্ৰায় ২ মাহ পূৰ্বে হাটশিঙিমাৰী-ধুবুৰী যাত্ৰীবাহী জাহাজ সেৱা আৰম্ভ হৈছিল। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত জাহাজ সেৱা পুনৰ মুকলি হোৱাত নদীযাত্ৰীৰ যাতায়ত ব্যৱস্থা সুৰক্ষিত হৈছে।

প্ৰতিদিনে হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ তিনি শতাধিক লোক জাহাজেৰে যাতায়ত কৰে। কিন্তু লঞ্চৰ লেচীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক গোচৰৰ ভিত্তিত জাহাজ সেৱা বন্ধ ৰখাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে। লঞ্চৰ লেচী খন্দকাৰ গোলাম মোস্তাফা আৰু ছেলিম জাহাঙ্গীৰে উচ্চ তৰা গোচৰত উল্লেখ কৰা হৈছে যে, হাটশিঙিমাৰী-ধুবুৰী জাহাজ সেৱা খন লঞ্চৰ লেচীৰ ফেৰী ঘাটৰ পৰা চলাচল কৰোৱা হৈছে।

ফেকামাৰী আঞ্চিলক পঞ্চায়তৰ পৰা ২০২৩-২৪ বৰ্ষত বাংৰীৰচৰ মালিৰ আলগাৰ পৰা ধুবুৰী লঞ্চ ঘাটলৈ আৰু কোকৰাডাঙাৰ পৰা ধুবুৰী লঞ্চ ঘাটলৈ লঞ্চৰ লেচীক ঘাট আৱণ্টন দিয়া হৈছে। একেদৰে কোকৰাডাঙাৰ পৰা সুখচৰ আৰু বেপাৰীপাৰা হৈ ধুবুৰীলৈ ইঞ্জিনচালিত নাওঁ, বিনা ইঞ্জিন চালিত নাওঁ, মালবাহী নাওঁঘাট নিবিদাৰ জৰিয়তে আৱণ্টন দিয়া হৈছে।

মালবাহী নাওঁঘাটৰ কাষতে থকা বেপাৰীপাৰা এলেকাৰ পৰা হাটশিঙিমাৰী-ধুবুৰী জাহাজ সেৱা চলাচল কৰি থকাৰ পাচতো ৰহস্যজনক ভাবে লঞ্চৰ লেচীয়ে তেওঁলোকৰ ঘাটৰ পৰা জাহাজ চলাচল কৰা বুলি উচ্চ ন্যয়ালয়ত মিছা গোচৰ তৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে লঞ্চৰ লেচী সকলে অবৈধ ভাবে দুখনকৈ লঞ্চ বেপাৰীপাৰা মালবাহী ঘাটৰ পৰা ধুবুৰীলৈ চলাচল কৰি থকা পৰিলক্ষিত হৈছে।

উচ্চ ন্যায়ালয়ত গোচৰ ৰজু কৰাৰ পাচত ৰহস্যজনক ভাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে জাহাজ সেৱা বন্ধ ৰখা পৰিলক্ষিত হৈছে। ফলস্বৰূপে নদীযাত্ৰী সকল বিপদজনক ভাবে লঞ্চেৰে অহা-যোৱা কৰিবলগীয়া হৈছে।

শেহতীয়াকৈ যোৱা কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ মাজত ধুমুহাৰ সৃষ্টি হোৱাত লঞ্চৰ যাত্ৰী সকলৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল। এনেকি যাত্ৰীবাহী লঞ্চত অত্যাধিক সামগ্ৰী কঢ়িওৱাৰ ফলত লঞ্চ যাত্ৰীৰ যাতায়ত সদায় অসুৰক্ষিত হৈ থাকে। প্ৰায় তিনিশ যাত্ৰী যাতায়ত কৰা লঞ্চত মাত্ৰ ১০০-১৫০ লাইফ জেকেটৰ ব্যৱস্থা আছে। তাৰ পাচতো উপায়হীন হৈ নদী যাত্ৰী সকলে বিপদজনক অৱস্থাত লঞ্চেৰে যাতায়াত কৰিবলগীয়া হৈছে।

জিলাখনত বন্ধ হৈ থকা হাটশিঙিমাৰী-ধুবুৰীৰ একমাত্ৰ জাহাজ সেৱাখন পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে স্থানীয় দল সংগঠনে।

কাৰ চক্ৰান্তত বন্ধ হৈছে হাটশিঙিমাৰী-ধুবুৰী জাহাজ সেৱা ?
'প্ৰতিদিন টাইম'ৰ বীৰেণ বৰালৈ 'কলংপৰিয়া যুৱ সাংবাদিকতা বঁটা'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in