/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6301b0bb-ff21-4673-b8d8-60292594227b/jour.jpg)
ডিজিটেল সংবাদ ,নগাঁও :দেওবাৰে নগাঁও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হয় অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই অধিৱেশনখন।
গছপুলি ৰোপণৰে আৰম্ভ কৰা উক্ত অধিৱেশনত অসম ৰাজ্যিক সাংবাদিক সন্থাই প্ৰতিদিন টাইমৰ মধ্য অসমৰ মুখ্য সাংবাদিক বীৰেণ বৰাক প্ৰদান কৰে কলংপৰিয়া যুৱ সাংবাদিকতা বঁটা। লগতে নগাঁৱৰ জেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক নগাঁও সংবাদ ৰত্ন আৰু চিৰাজুদ্দিন আহমেদক সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয়। শেষত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।
Also Read: বিশ্বনাথক পুনৰ পূৰ্ণাংগ জিলা ঘোষণা কৰা অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা