হাটশিঙিমাৰীত জিলা আমছুৰ অৱস্থান ধৰ্মঘট

হাটশিঙিমাৰীত জিলা আমছুৰ অৱস্থান ধৰ্মঘট

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰীত জিলা আমছুৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, হাটশিঙিমাৰী: মঙলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিয়ে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। লগতে ৭ দফীয়া দাবী পূৰণৰ বাবে মুখ্যমন্ত্ৰীলৈ এটি স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে জিলা আমছুৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘট কৰে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী সকল উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখৰ পৰিবেশ উত্তাল কৰি তোলে।

ৰাজ্যত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি প্ৰদান, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান, স্কুল সমূহত শিক্ষক বদলিকৰণৰ পূৰ্বে সেই স্থানত অন্য শিক্ষক নিযুক্তি কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা, ভূমিহীন আৰু উচ্ছেদিত পৰিয়ালক ভূমিৰ পাট্টা প্ৰদান কৰা, বহি ৰাজ্যত কৰ্মৰত শ্ৰমিকক নিৰাপত্তা প্ৰদান কৰাৰ লগতে অৰুণাচল প্ৰদেশত মৃত্যু হোৱা শ্ৰমিকক ৫ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদানৰ দাবী তুলিছে আমছুয়ে।

আমছুৱে এই ৭ দফীয়া দাবী লৈ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এটি স্মাৰক পত্ৰ প্ৰদান কৰে। আমছুৰ এই দাবী পূৰণ নহলে অনাগত দিনত ধাৰাবাহিক আন্দোলন কৰি যাব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে।

আৰু পঢ়ক: লফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ লগতে বিভিন্ন দাবীত প্ৰতিবাদ সাৱ্যস্ত এবিএমছুৰ…

assam protest hathsingimari