লফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ লগতে বিভিন্ন দাবীত প্ৰতিবাদ সাৱ্যস্ত এবিএমছুৰ…

লফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ লগতে বিভিন্ন দাবীত প্ৰতিবাদ সাৱ্যস্ত এবিএমছুৰ…

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰত এবিএমছুৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট।কোকৰাঝাৰ শিশু উদ্যান চৌহদত অৱস্থান ধৰ্মঘট এবিএমছুৰ । এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ নেৰ্তৃত্বত ধৰ্মঘট এবিএমছুৰ ।

ধৰ্মঘটত উপস্থিত প্ৰায় শতাধিক সদস্য । নিজ দাবীৰ সমৰ্থনত ব্যাপক শ্লোগান ধৰ্মঘটকাৰীৰ । এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে ।

বিটিআৰৰ প্ৰতিটো ভূমিহীন আৰু ভূমিপট্টাবিহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদানৰ দাবী । বিটিআৰত সংঘটিত হোৱা বিভিন্ন নৃগোষ্ঠীয় ঘটনা, উগ্ৰপন্থীৰ আক্ৰমন আৰু ৰক্তপাতজনিত ঘটনাত ক্ষতিগ্ৰস্থ পৰিয়ালসমুহক ক্ষতিপুৰণ আৰু পুণৰ সংস্থাপনৰ দাবী ।

বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিটোআৰ এলেকাৰ অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়সমুহ প্ৰাদেশিকীকৰণৰ দাবী ।

প্ৰতিবাদস্থলীত টাইছন হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিটিআৰৰ ৩২ লাখ জনতাক বঞ্চনা কৰিছে প্ৰমোদ বড়ো চৰকাৰে । লাফিকুলৰ হত্যাকাণ্ড আছিল ৰাজনৈতিক । চিবিআইয়ে অভিযুক্তৰ নাম ঘোষণা কৰাৰ পিছতো অভিযুক্তক কৰায়ত্ব কৰা নাই চৰকাৰে । এবিএমছুৰ দাবীকেইটা মানি লোৱাৰ দাবী টাইছন হুছেইনৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in