বটদ্ৰৱা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত "হাথ চে হাথ জোড়ো" অভিযান

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত
"হাথ চে হাথ জোড়ো" অভিযান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত আৰু কদমনি মণ্ডল কংগ্ৰেছ সমিতিৰ সহযোগত কদমনি মণ্ডলৰ ৫ নং ৱাৰ্ডৰ পৰা দেওবাৰে "হাথ চে হাথ জোড়ো" অভিযানৰ আৰম্ভ হয়। হাথ চে হাথ জোড়ো অভিযান আৰম্ভ কৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই।

Advertisment

তেঁও কয় যে এই অভিযান পৰ্য্যায়ক্ৰমে অন্য মণ্ডলসমূহতো আৰম্ভ হ'ব বুলি মত পোষণ কৰাৰ লগতে "হাথ চে হাথ জোড়ো" অভিযানৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল প্ৰতিজন মানুহক একেলগ কৰি হিংসাৰ বা ঘৃণাৰ বিপৰীতে মৰম আৰু একতা বিয়পাই দিয়াৰ লগতে ভয় আঁতৰাই মানুহক এন্ধাৰৰ পৰা পোহৰলৈ খোজ দিয়াত সহায় কৰা" বুলি মন্তব্য কৰে।

আজি অভিযানৰ আৰম্ভণি কাৰ্যসূচীত বিধায়িকাৰ লগতে বটদ্ৰৱা ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিন, দলংঘাট ব্লকৰ সভাপতি মঞ্জুল বৰদলৈ, বটদ্ৰৱা ব্লক কংগ্ৰেছ সেৱাদলৰ সভাপতি বুল বুল আলমৰ লগতে ব্লক পৰ্যায়ৰ বিভিন্ন কোষসকল, বিভিন্ন মণ্ডল কংগ্ৰেছৰ সভাপতি সকল, যুৱ কংগ্ৰেছ, সংখ্যলঘু বিভাগ, মহিলা কংগ্ৰেছ, সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ লগতে দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে।

আৰু পঢ়কঃ বন বিভাগৰ চকুৰ সন্মুখতে ধনশিৰি আৰু গোলাঘাট মহকুমাত চলিছে বনজ সম্পদ লুণ্ঠনৰ প্ৰতিযোগিতা

assam congress hath se hath jodo