/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/adc32f88-3a73-4e75-9cef-bac0b82388c6/n2.jpg)
ডিজিটেল সংবাদ ,গোলাঘাট : গোলাঘাট জিলাৰ ধনশিৰি আৰু গোলাঘাট মহকুমাত চলিছে বনজ সম্পদৰ লুণ্ঠনৰ প্ৰতিযোগিতা । বনবিভাগৰ চকুৰ আগতে অতি কৌশলেৰে চলি থকা চলি থকা এই লুণ্ঠন কাৰ্য বাধা দিয়াৰ বাবে বিভাগটোৱে অকনো গুৰুত্ব নিদিয়াৰ অভিযোগ।
ফলত ৰাজ্য চৰকাৰে দৈনিক লক্ষ লক্ষ টকাৰ ৰাজহৰ পৰা বঞ্চিত হৈ আহিছে আৰু বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগতে অসাধু চক্ৰৰ জেপলৈ দৈনিক মুঠিয়ে মুঠিয়ে ধনৰ সোঁত ব'বলৈ লৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি জিলাখনৰ ধনশিৰি মহকুমাৰ বৰপথাৰ টেঙানীত এটা চৰকাৰীভাৱে আবণ্টিত বালি মহল (ধনশিৰি নদীৰ) আছে যদিও এই বিলাকৰ গইনা লৈ অকতৃত্বশীলভাৱে নানান নীতিবৰ্হিভূতভাৱে অঞ্চলটোৰ অন্যান্য বহু স্থানৰ পৰা চৰকাৰক ৰাজহৰ পৰা বঞ্চিত কৰি দৈনিক শ শ ট্ৰাক বালিৰ অবৈধ বেহা চলাই থকা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7cf1d755-dd16-44d7-8d3a-10ff8f5b47ff/3db873e8_2d23_41bb_879e_35178b63d06a.jpg)
উক্ত কৰ্ম-কাণ্ডৰ পৰা বনবিভাগে এইবোৰ দেখিও নেদেখাৰ ভাও ধৰি থকা অনুমান হয়। উল্লেখযোগ্য যে টেঙানীৰ ১ নং বৰপথাৰ নামেৰে থকা এই বালিমহলটোক লৈ বৰ্তমান এনেদৰে বনবিভাগৰ সহযোগতে অনিয়ম চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
এনেদৰেই ৰক্ষকেই ভক্ষণ হৈ পৰাৰ ফলত মাফিয়াৰ চক্ৰৰ বাবে প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ পথ মসৃণ হৈ পৰিছে। অন্যহাতে পদুমণিতো বনবিভাগৰ সহযোগতে বালি মাফিয়াই অবাধে বেহা চলাই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/91b416ea-bc42-4ea6-9174-addc7c34bdb2/18367fdc_5428_4641_9fd3_ba95a86e3a19.jpg)
ইফালে গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নদী আৰু ইয়াৰ আশে-পাশে থকা এলেকাসমূহত বহুসংখ্যক লোকে অবৈধভাৱে এছকে ভেটৰেৰে শিল বালি খনন কৰি চোৰাং ব্যৱসায় চলাই আছে ৷ বিশেষকৈ নদীখনৰ কাষলৈকে লাগি থকা মাটিৰ মালিকে বনবিভাগৰ বিষয়াৰে মিলি এই চোৰাং বেহা চলাই থকাৰ অভিযোগ অতি পুৰণি ৷
একাংশই নদীত এছকেভেটৰ নমাই ডাম্পাৰ; মিনি ট্ৰাক ; বৃহৎ ট্ৰাক আদিত লোড কৰি গোলাঘাট জিলাৰ বিভিন্ন ঠাই আৰু যোৰহাট আদিলৈ শিল-বালি নিৰ্বিঘ্নে চালান বিহীনভাবে সৰবৰাহ কৰি থকা বিষয়ে জানিব পৰা গৈছে ৷ আনহাতে নদীৰ সিটো পাৰত কাৰ্বি আংলং এলেকাত কেইবাজনো লোকে অবৈধভাবে কাঠৰ মিল বহুৱাই কাৰ্বি পাহাৰ টকলা কৰি বনজ সম্পদ লুন্ঠনত নামি পৰিছে ৷
এই এলেকাৰ পৰা গছ কাটি ফান্টা বনাই শিল বালিৰ তলত লুকুৱাই গোলাঘাটলৈ আনোতে বেঙেনাখোৱাৰ হেমা টিম্বাৰছ নামৰ কাঠ বিক্ৰীৰ দোকানত কিছুদিনৰ আগতে বনবিভাগে হাতে লোটে জব্দ কৰাৰ ঘটনাই প্ৰমাণ কৰে এনে অবৈধ ব্যৱসায় অব্যাহত থকাৰ কথা ৷ ইফালে প্ৰায় প্ৰতিদিনেই বিভিন্ন জীৱ জন্তু বিচৰণ কৰি থকা এলেকাটোত এছকেভেটৰেৰে শিল বালি খান্দি সৃষ্টি কৰা বৃহৎ পুখুৰী সদৃশ গাতসমূহত পৰি জীৱ জন্তুৰ জীৱন হানি হোৱাৰ আশংকা আহি পৰিছে ৷
এই অবৈধ শিল বালিৰ ঘাটসমূহলৈ দিনে নিশাই চলাচল কৰা গধুৰ যানবাহনসমূহৰ বাবে অঞ্চলটোৰ ৰাইজৰ যাতায়তত ব্যাঘাত ঘটিছে ৷ এই চোৰাং ব্যবসায়ৰ গধুৰ যান বাহনসমূহ পোৰাবাংলাৰ বনশিবিৰৰ আগেদিয়েই অহা যোৱা কৰি থাকে যদিও বনবিভাগে জব্দ নকৰা বিষয়টোৱেই প্ৰমাণ কৰে বন বিষয়া আৰু চোৰাং বেপাৰীৰ মিতিৰালিৰ কথা ৷
একাংশ বন বিষয়া কৰ্মচাৰীক মেনেজ কৰি শিল বালিৰ কাঠৰ এই ঘাটসমূহ তথা ভাণ্ডাৰৰ পৰা ৰাজপথলৈ ওলাই অহা বহু কেইখন ট্ৰাক ডাম্পাৰ অহা গোলাঘাটৰ বনবিভাগৰ ফ্লাইং স্কোৱাদে সময়ে সময়ে জব্দ কৰে যদিও বহু সংখ্যক গাড়ী নিৰ্বিঘ্নে পলায়ন কৰে ৷
উল্লেখ্য যে দৈগ্ৰোং বালি মহলত সংঘটিত হোৱা কেলেংকাৰীৰ বাবেই গোলাঘাটৰ পূৰ্বৰ ৰেঞ্জাৰ, মহলদাৰকে ধৰি বহু কেইজননে জেলৰ ভাত খাইছিল যদিও একাংশ বিষয়া কৰ্মচাৰীয়েসেই ঘটনাৰ পৰা আজিও শিক্ষা লোৱা নাই ৷ এনে ব্যৱসায়ৰ কথা সংবাদ মাধ্যম আদিত প্ৰকাশ পালে হৈ চৈৰ সৃষ্টি হ'লে কিছুদিন নিতাল মাৰি পুনৰ বিভিন্ন পক্ষক মেনেজ কৰি চৰকাৰী ৰাজহ ফাকি দি পুনৰ আৰম্ভ কৰে বুলি একাংশ প্ৰকৃতিপ্ৰেমীয়ে মন্তব্য কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ecf8cfba-6112-4895-a57e-4c315ec5db8d/56e5dfed_95a2_4ac1_a4fe_f00b17b72267.jpg)
আৰু পঢ়কঃ অৱশেষত ১৩ দফীয়া দাবী মানি ল'লে পেমা খান্দু চৰকাৰে : বন্ধ প্ৰত্যাহাৰ প্ৰতিবাদকাৰীৰ