সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ স্মৃতিচাৰণ সভা

সমাজত ভাল কাম কৰাৰ মানসিকতাৰে বিধানসভা নিৰ্বাচনৰ সময়ত পৰামৰ্শ দিছিল ভূঞাই : সাংসদ ভুবনেশ্বৰ কলিতা
সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ,ৰঙিয়া : তৰণী হৰিমন্দিৰ বাৰোৱাৰী ৰাস মহোৎসৱ আৰু আৰিমত্ত ভৱনৰ সৌজন্যত সদ্যপ্ৰয়াত সমাজহিতৈষী হৰেন কুমাৰ ভূঞাৰ ৰাজহুৱা স্মৃতিচাৰণ সভাখন মঙলবাৰে অনুষ্ঠিত কৰা হয়। তৰণী ৰাস মহোৎসৱৰ হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি সাংসদ ভূৱনেশ্বৰ কলিতাই সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ জীৱনীভিত্তিক কথা আৰু ৰাজনৈতিক ক্ষেত্ৰত সমাজ হিতৈষী ব্যক্তি গৰাকীৰ পৰামৰ্শৰ বিষয়ে সভাত সোৱঁৰণ কৰে।

লগতে সমাজহিতৈষী ব্যক্তিগৰাকীৰ কৰ্মৰাজিৰ তৰণীত যি সামাজিক অৱদান আগবঢ়াই থৈ গৈছে তাৰ বিষয়েও সাংসদ কলিতাই আলোকপাত কৰে। ইফালে এই স্মৃতিচাৰণ সভাত বিশিষ্ট সমাজকৰ্মী ডাঃ মৃণাল ভূঞাই হৰেন্দ্ৰ কুমাৰ ভূঞাই আগবঢ়াই থৈ যোৱা বিভিন্ন সামাজিক কৰ্মৰাজিৰ অৱদান আৰু জীৱন বৃত্তান্ত সম্পৰ্কে দীঘলীয়া স্মৃতি সোঁৱৰাই সভাত উল্লেখ কৰে।

পুৱা ১০-০০ বজাত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাত আৰম্ভণিতে সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে সহধৰ্মিনী নিশি ভূঞাই । আনহাতে একেলগে সভাত ভূঞাৰ স্মৃতিত এখনি স্মৰণিকা উন্মোচন কৰা হয় । আনহাতে আজিৰ এই সভাত প্ৰয়াত হৰেন্দ্ৰ কুমাৰ ভূঞাৰ পুত্ৰ নিপন ভূঞা,জী-জোঁৱাইৰ সৈতে শুভাকাঙ্খীৰ লগতে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ স্মৃতিচাৰণ সভা
যশস্বী সংগীত পৰিচালক ভূপেন উজীৰ আৰু নাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in