পুৱাই ত্ৰিৰংগা হাতত লৈ শিক্ষাৰ্থীৰ লগত সমদলেৰে ওলাই আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

পুৱাই ত্ৰিৰংগা হাতত লৈ শিক্ষাৰ্থীৰ লগত সমদলেৰে ওলাই আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

author-image
asomiyapratidin
New Update
পুৱাই ত্ৰিৰংগা হাতত লৈ শিক্ষাৰ্থীৰ লগত সমদলেৰে ওলাই আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্ক : আজি ১৩ আগষ্ট। আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হ'ব স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে। শনিবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা হৈছে। শনিবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহানগৰীৰ কামৰূপ একাডেমী, টি.চি স্কুল লগতে দাঁতি কাষৰীয়া বহুকেইখন বিদ্যালয় সমবেত হৈ হাতত ত্ৰিৰংগা লৈ সমদলেৰে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী ক্লাৱৰ টি.চি স্কুলৰ পৰা দীঘলীপুখুৰী পৰিভ্ৰমণ কৰি প্ৰেছ ক্লাৱ আমবাৰীৰ সন্মুখেৰে আহি পুনৰ টি.চি স্কুলত এই কাৰ্যসূচী সামৰণি মাৰে।

আনহাতে, এই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত তিনিওদিনেই ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰি ৰাখিব পাৰিব। সমগ্ৰ ৰাজ্যত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি। তাৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। গুৱাহাটীৰ খানাপাৰা খেলপথাৰতো কটকটীয়া নিৰাপত্তাৰে স্বাধীনতা দিৱসৰ প্ৰস্তুতি আৰম্ভ হৈছে। পেৰেডত ব্যস্ত হৈ পৰিছে আৰক্ষী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী।

আৰু পঢ়ক : কৌশিক কুমাৰ সন্দিকৈৰ পৰিচালনাৰে সত্ৰীয়া নৃত্যৰ শৈলীত "চম্পাৱতীৰ কথাৰে" নৃত্য নাটিকা…

assam guwahati himanta biswa sarma bjp