কৌশিক কুমাৰ সন্দিকৈৰ পৰিচালনাৰে সত্ৰীয়া নৃত্যৰ শৈলীত “চম্পাৱতীৰ কথাৰে” নৃত্য নাটিকা…

কৌশিক কুমাৰ সন্দিকৈৰ পৰিচালনাৰে সত্ৰীয়া নৃত্যৰ শৈলীত “চম্পাৱতীৰ কথাৰে” নৃত্য নাটিকা…

ডিজিটেল ডেস্ক : অভিজ্ঞানম নৃত্যম মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিভাসম্পন্ন শিল্পী কৌশিক কুমাৰ সন্দিকৈৰ পৰিকল্পনা আৰু পৰিচালনাৰে অসমত পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু" গ্ৰন্থত উল্লেখ থকা 'চম্পাৱতী' সাধুৰ আধাৰত সত্ৰীয়া নৃত্য শৈলীত "চম্পাৱতীৰ কথাৰে" শীৰ্ষক নৃত্য নাটিকা ।


কেইবাটাও মাহধৰি চলোৱাৰ প্ৰচেষ্টাৰ অন্তত পৰিৱেশ্য কলা বিষয়ৰ স্নাতকোত্তৰ কৌশিক কুমাৰ সন্দিকৈয়ে "চম্পাৱতী"ৰ নাট্য ৰূপ দিয়ে ৷ অভিজ্ঞানম কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলক নৃত্য গীতৰ প্ৰশিক্ষণ দি এক প্ৰকাৰে পৈনত কৰি তুলে ৷ শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত 'চম্পাৱতী' সত্ৰীয়া নৃত্য শৈলীৰে শিৱসাগৰ যুৱদলত মঞ্চস্থ কৰে ৷ ন ৰূপত ব্যতিক্ৰমী প্ৰচেষ্টাৰে প্ৰদৰ্শন কৰা চম্পাৱতীয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷


সূত্ৰধাৰৰ ৰূপত অৱতীৰ্ণ হোৱা কৌশিক কুমাৰ সন্দিকৈয়ে অন্তিম দৃশ্যলৈকে 'চম্পাৱতী'ক দৰ্শকৰ সন্মুখত প্ৰাণৱন্ত কৰি তুলে ৷ মাথো গীত আৰু সত্ৰীয়া নৃত্যৰ আলম লৈ হেমন্ত ৰাজখোৱাৰ ছাঁ পোহৰৰ মাজেৰে আগবঢ়াই নিয়া চম্পাৱতীৰ প্ৰতিটো দৃশ্যই দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ একেখন মঞ্চতে সূত্ৰধাৰৰ বৰ্ণনাৰ সমান্তৰালকৈ বিভিন্ন চৰিত্ৰত অবতীৰ্ণ হোৱা অভিনতা-অভিনেত্ৰী সকলে চম্পাৱতীক অতি সহজ সৰল আৰু নান্দনিক ৰূপত উপস্থাপন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে ৷ কৃষ্টিকা কাকতি আৰু অভিশ্ৰুতি হাজৰিকাই চম্পাৱতীৰ চৰিত্ৰত গীতৰ আধাৰত সত্ৰীয়া নৃত্যৰ সহিতে সাৱলীল অভিনয় কৰে ৷

কৃষ্টিকাৰ নৃত্য বাস্তৱিকতেই শলাগ ল'বলগীয়া ৷ লীলাৱতীৰ ৰূপত অশ্ৰিতা তামুলি আৰু ৰিচিতা দে'ৰ অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ অৰুণিমা দে, দিক্ষীতা গগৈ, বিশাল বড়া, অক্সীতা দত্ত, মিঠু দাস আদিৰ নৃত্য আৰু অভিনয়ে সকলোকে মোহিত কৰে ৷ কৌশিক কুমাৰ সন্দিকৈৰ নৃত্য, গীত আৰু অভিনয়ে চম্পাৱতী সাধুক সকলো শ্ৰেণীৰ লোকৰ সমাদৃত কৰি তোলে ৷ সাধুটোত বৰ্ণনা কৰা ধাননি পথাৰ, চৰাই, অজগৰ সাপ আদি কলা কুশলী সকলে অভিনয়ৰ মাজেৰে সুন্দৰ ৰূপত চিত্ৰায়িত কৰে ৷ অভিজ্ঞানম নৃত্যমৰ এই প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰে ।

নৱনীত হাজৰিকাই আঁতধৰা উদ্বোধনী অনুষ্ঠানটো বন্তি প্ৰজ্বালনেৰে শুভাৰম্ভ কৰে খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াই ৷ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধ্যাপক ড° পল্লৱী ডেকা বুজৰবৰুৱাই । গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্ত, সমাজকৰ্মী জিতু দত্ত উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত নৃত্যশিল্পী গুৰু ৰামকৃষ্ণ তালুকদাক 'অভিজ্ঞানম কলা সৌৰভ' বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি তালুকদাৰে নৃত্য পৰিবেশনেৰে সৌষ্ঠৱ বৃদ্ধি কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in