ৰাজপথত অকস্মাত জুই লাগি সম্পূৰ্ণ ভস্মীভূত হয় এখন গাড়ী

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ সমীপৱৰ্তী অনগাওঁ তিলাইডাঙাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।
ৰাজপথত অকস্মাত জুই লাগি সম্পূৰ্ণ ভস্মীভূত হয় এখন গাড়ী

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ সমীপৱৰ্তী অনগাওঁ তিলাইডাঙাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । AS-01-EC-4302 নম্বৰ এখন টাটা ম'বাইল গাড়ী এইদৰে জ্বলি শেষ হ'ল পথৰ ওপৰত ।

অত্যাধিক পৰিমাণে খেৰৰ বোজা কঢ়িয়াই অনা গাড়ী খনৰ সংস্পৰ্শ হয় পথৰ ওপৰত লাগি থকা এদাল বৈদ্যুতিক তাৰৰ সৈতে । ফলত বিদ্যুৎ স্পাৰ্ক (Spark) হয় আৰু নিমিষতে জ্বলি উঠে গাড়ীখন ।

হাওৰাঘাটৰ অনগাওঁ তিলাইডাঙাত সংঘটিত হয় উক্ত ঘটনা । অৱশেষত হাওৰাঘাটৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয় ।

ৰাজপথত অকস্মাত জুই লাগি সম্পূৰ্ণ ভস্মীভূত হয় এখন গাড়ী
জখলাবন্ধাত ২৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, আটক এজন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in