জখলাবন্ধাত ২৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, আটক এজন...

: কলিয়াবৰৰ জখলাবন্ধাত দেওবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে প্ৰায় ২৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
জখলাবন্ধাত ২৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, আটক এজন...

ডিজিটেল সংবাদ, কলিয়াবৰ: কলিয়াবৰৰ জখলাবন্ধাত দেওবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে প্ৰায় ২৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। নগাঁও , কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীৰ অভিযানত এখন হুণ্ডা চিটি বাহনৰ পৰা জব্দ হয় সন্দেহযুক্ত হেৰ'ইনখিনি। ডব্লিউ বি ০২ এ এ ৭২১১ নম্বৰৰ হুণ্ডা চিটি বাহনখনত ডিমাপুৰৰ পৰা কঢ়িয়াই আনিছিল ড্ৰাগছখিনি।

বাহনখনৰ দুৱাৰৰ তলৰ অংশত কৌশলৰে ৩৬ টা পেকেটত লুকুৱাই অনা হৈছিল প্ৰায় ১৮ কেজি ওজনৰ ড্ৰাগছ। ড্ৰাগছ সৰবৰাহৰ গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত চলা অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

ড্ৰাগছ সৰবৰাহত জৰিত এজন লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে হুণ্ডা চিটি বাহনখনো জব্দ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

জখলাবন্ধাত ২৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, আটক এজন...
ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজৰ শিক্ষাৰ্থীৰ ভৱিষ্যতকলৈ নিৰ্লজ হেতালি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in