ওৰাঙৰ দেৱপুখুৰীত উদ্ধাৰ হস্ত নিৰ্মিত অস্ত্ৰ..

ওৰাঙত আৰক্ষীৰ সফলতা। ওৰাঙৰ দেৱপুখুৰীত উদ্ধাৰ হস্ত নিৰ্মিত অস্ত্ৰ

author-image
Asomiya Pratidin
New Update
ওৰাঙৰ দেৱপুখুৰীত উদ্ধাৰ হস্ত নিৰ্মিত অস্ত্ৰ..

ডিজিটেল সংবাদ, ওৰাং: ওৰাঙত আৰক্ষীৰ সফলতা। ওৰাঙৰ দেৱপুখুৰীত উদ্ধাৰ হস্ত নিৰ্মিত অস্ত্ৰ। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে অভিযান চলাই বুধবাৰে পুৱাই উদ্ধাৰ কৰে অস্ত্ৰখিনি।

Advertisment

অভিযানত উদ্ধাৰ তিনিটাকৈ হস্ত নিৰ্মিত বন্দুক। গাঁতত পুতি থোৱা অৱস্থাত এটা সৰ্বশিক্ষা অভিযান মিচনৰ বেগৰ পৰা উদ্ধাৰ হয় অস্ত্ৰখিনি। দেৱপুখুৰী গাঁৱৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ বাৰীত উদ্ধাৰ হয় উক্ত অস্ত্ৰ।

উদ্ধাৰ হোৱা অস্ত্ৰ খিনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গড় হত্যাৰ লগত জড়িত চোৰাংচিকাৰীৰ বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ।

Also Read: গুৱাহাটীত ICC এদিনীয়া বিশ্বকাপৰ মেচ...

orang national park