হাজোত ভূলুন্ঠিত মানৱতাঃ মৃত বোৱাৰীয়েকক হাস্পতালত ভৰ্তি কৰি শাহুৰ পলায়ন

হাজোত ভূলুন্ঠিত মানৱতাঃ মৃত বোৱাৰীয়েকক হাস্পতালত ভৰ্তি কৰি শাহুৰ পলায়ন

author-image
Asomiya Pratidin
New Update
হাজোত ভূলুন্ঠিত মানৱতাঃ মৃত বোৱাৰীয়েকক হাস্পতালত ভৰ্তি কৰি শাহুৰ পলায়ন

ডিজিটেল সংবাদ,হাজোঃ মঙলবাৰে হাজোত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। মৃত বোৱাৰীয়েকক হাজো মেডিকেলত ভৰ্তি কৰাই পলায়ন কৰিলে শাহুয়েকে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, হাজোৰ বুল্লট অঞ্চলৰ নৰ্গীচ পাৰবিন নামৰ এগৰাকী মৃত মহিলাক বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই পলায়ন কৰিছিল শাহুৱেকে।

ইফালে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি শাহুৱেকে ডিঙি চেপি হত্যা কৰিছিল নৰ্গীচ পাৰবিনক। সেয়ে হাস্পতালত ভৰ্তি কৰায়ে পলায়ন কৰা বুলি অভিযোগ কৰে ভুক্তভোগীৰ ছোৱালী ঘৰখনে।

উল্লেখ্য যে, মৃত নৰ্গীচ পাৰবিন ৫মাহৰ অন্তঃসত্ত্বা আছিল। স্বামী পৰিয়ালৰ লোকে বোৱাৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাই পলায়ন কৰে। ঘটনাক কেন্দ্ৰ কৰি হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

Also Read: ওদালগুৰিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বাইক ৰেলী

Haju